বিশ্বশান্তিৰ বাবে খানাপাৰাত ৯ -১৬ ছেপ্টেম্বৰলৈ মহাযজ্ঞৰ আয়োজন

🔹 জগতগুৰু শংকৰাচাৰ্যৰ উপস্থিতিত শ্ৰীশ্ৰী ৰুদ্ৰযজ্ঞ-কামেশ্বৰী মহা আৰাধনা

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰ : বিশ্বশান্তিৰ উদ্দেশ্যৰে জগতগুৰু শংকৰাচাৰ্য স্বামী শ্ৰী অধোক্ষজানন্দজী মহাৰাজৰ উপস্থিতিত ৯ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহা আৰাধনা৷ শ্ৰীশ্ৰী ৰুদ্ৰযজ্ঞ আৰু কামেশ্বৰী মহা আৰাধনা আয়োজক সমিতিৰ উদ্যোগত আয়োজন হৈছে এই যজ্ঞ। কাৰ্যসূচী অনুসৰি, ৯ ছেপ্টেম্বৰৰ পুৱা খানাপাৰাৰ পৰা বশিষ্ঠ নদীপৰ্যন্ত জলযাত্ৰা কাৰ্যসূচীৰে আৰম্ভ হ’ব মহাযজ্ঞ৷ এই যাত্ৰা যজ্ঞ মণ্ডপৰ পৰা আৰম্ভ হৈ বৰুণ পূজনৰ বাবে বশিষ্ঠলৈ আগবাঢ়িব। কলহ যাত্ৰা অনুষ্ঠানত বেণ্ডপাৰ্টী, শংখ, নাগাৰা, ভোৰতাল, ঢোলবাদন ইত্যাদি থাকিব। ৯ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ প্ৰতিদিনে মহাযজ্ঞ অনুষ্ঠিত হ’ব আৰু ইয়াৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক পুৰোহিত আহি গুৱাহাটীত উপস্থিত হৈছে৷ প্ৰতিদিনে সন্ধিয়া পাঁচ বজাৰ পৰা সাত বজালৈ ধৰ্ম সন্মিলন অনুষ্ঠিত হ’ব, য’ত শংকৰাচাৰ্যই উপস্থিত থাকি ধৰ্মীয় বাণী প্ৰদান কৰিব৷ উল্লেখ্য যে এই মহাযজ্ঞৰ বাবে খানাপাৰা খেলপথাৰত দিনে-নিশাই যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰা হৈছে। ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক মণ্ডলীয়ে। সকলো ভক্তৰ বাবে মুকলি থাকিব যজ্ঞস্থলী, গতিকে সকলোৱে উপস্থিত থাকিব পাৰিব এই যজ্ঞত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও এই যজ্ঞত উপস্থিত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে।  বহিঃৰাজ্যৰ বহু ভক্তিপ্ৰাণ লোকৰ উপস্থিতিত যজ্ঞভাগি সাফল্যমণ্ডিত হ’ব বুলি আশা কৰিছে আয়োজক মণ্ডলীয়ে। সমাজৰ পৰা অপায়-অমংগল দূৰ হৈ বিশ্বৰ প্ৰতিজন মানুহ যাতে শান্তিত থাকিব পাৰে, সেই মহৎ উদ্দেশ্যৰে এই মহাযজ্ঞ সম্পন্ন হ’ব।

Featured