ছাত্র সন্থাৰ মুখ্য উপদেষ্টা-উপদেষ্টাৰ বাবে নাথাকিব বয়সৰ সীমা

🔹 মৰিগাঁৱত প্রতিনিধি সভাত গুৰুত্বপূর্ণ সিদ্ধান্ত

🔹 অষ্টাদশ অধিৱেশনৰ মুকলি সভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ : সদৌ অসম ছাত্র সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনৰ বুধবাৰে মাজনিশাৰ পৰা কালি পুৱতিনিশালৈ অনুষ্ঠিত হোৱা প্রথমখন প্রতিনিধি সভাত বহুকেহটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ বিশেষকৈ ১৯৬৭ চনতে প্রস্তুত আৰু গ্রহণ কৰা আছুৰ মূল্যৱান সংবিধানখনৰ এলানি সংশোধন ঘটোৱা হয় ৷ সাম্প্রতিক সময়ৰ বহুচর্চিত বিষয় আৰু মৰিগাঁও অধিৱেশনৰো মূল বিষয় হিচাপে বিবেচিত হোৱা আছু নেতৃত্বৰ বয়স আৰু শিক্ষাগত অর্হতা সম্পর্কতো এটা স্থিৰ সিদ্ধান্ত গ্রহণৰ বিষয়টো সমাধান কৰা হয়৷ এই গুৰুত্বপূর্ণ প্রতিনিধি সভাখনত আছুৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ প্রস্তাৱ কার্যকৰীকৰণেৰে আছুৰ নেতৃত্বৰ বয়সৰ সীমাৰেখা ৪২ৰ ঊর্ধ্ব হ’ব নোৱাৰিব বুলি সিদ্ধান্ত গ্রহণ কৰা হয়৷ কিন্তু আছুৰ মুখ্য উপদেষ্টা আৰু উপদেষ্টাৰ বাবে বয়সৰ ক্ষেত্রত কোনো সীমাবদ্ধতা নাথাকিব আৰু শিক্ষাগত অর্হতাৰ ক্ষেত্রতো কোনো বাধ্যবাধকতা নাথাকিব বুলি সিদ্ধান্ত গ্রহণ কৰা হয়৷ এই প্রতিনিধি সভাতে আছুৰ মহকুমাৰ সমিতিসমূহৰ বিলুপ্তি ঘটোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয় ৷ আছুৰ মহকুমা সমিতিসমূহত নতুনকৈ কোনো অধিৱেশন অনুষ্ঠিত নহ’ব আৰু বর্তি থকাসমূহৰ বেলিকা সংশ্লিষ্ট জিলা সমিতিসমূহৰ অধিৱেশনত এইসমূহ চামিল হৈ যাব৷ আনহাতে, যিহেতু অসম উন্নতি সভাকে ধৰি আছুৰ ভগ্নী  সংগঠনসমূহৰ সাংবিধানিক কার্যকাল চাৰি বছৰ, সেয়েহে আছুৰ পৰৱর্তী কার্যনির্বাহক সমিতিখনৰ পৰাই প্রতিখন কার্যনির্বাহক সমিতিৰ কার্যকাল চাৰি বছৰীয়া হ’ব আৰু আছুৰ অধিৱেশন প্রতি বছৰে অনুষ্ঠিত কৰি চাৰি বছৰৰ মূৰত সাধাৰণ সভা অনুষ্ঠিত কৰা হ’ব৷ চাৰি বছৰ সম্পূর্ণ হোৱাৰ পিছতো অধিৱেশন তথা সাধাৰণ সভা অনুষ্ঠিত নকৰিলে সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব নিজে নিজে আঁতৰি গৈ ক্রমে উপ–সভাপতি আৰু সহকাৰী সম্পাদকৰ হাতলৈ যাব আৰু তেওঁলোকে সাধাৰণ সভা অনুষ্ঠিত কৰিব৷ এই প্রতিনিধি সভাত আছুৰ সাংগঠনিক আলোচনাৰ উপৰি ৰাজ্যখনৰ শিক্ষা, সংস্কৃতি, সাম্প্রতিক ৰাজনীতি, অর্থনীতি, ৰাজ্য চৰকাৰৰ কৰ আৰোপৰ হঠকাৰী সিদ্ধান্ত, আর্থ–সামাজিক পৰিৱেশৰ লগতে বৃহৎ নদীবান্ধ আৰু কেতবোৰ জ্বলন্ত সমস্যা সম্পর্কত বিস্তৃতভাৱে আলোচনা হয়৷

অনুভূতি–আৱেগৰ সংগ্রামে জাতিক কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে : ড০ অলক কুমাৰ বুঢ়াগোহাঁই

মৰিগাঁও চহৰৰ সুকল খেলপথাৰৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্রৰ শ্বহীদ গজেন ইংতি–পুতুল শহকীয়া সোঁৱৰণী মূল মণ্ডপত কালি নির্ধাৰিত সময়তকৈ বহু পলমকৈ অনুষ্ঠিত হোৱা সদৌ অসম ছাত্র সন্থা (আছু)ৰ অষ্টাদশ মৰিগাঁও অধিৱেশনৰ মুকলি সভাত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ অলক কুমাৰ বুঢ়াগোহাঁয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি ভৱিষ্যতৰ স্বপ্ণদ্রষ্টা হিচাপে ছাত্র সংগঠনটোক পূর্বৰ দৰেই জাতিৰ হকে নিয়োজিত হৈ থকাৰ আহ্বান জনায়৷ নিজ ভাষণত তেওঁ কয় যে অসমীয়া জাতি আজি শিক্ষা, সংস্কৃতি, উদ্যোগ আৰু অর্থনীতি আদিৰ ক্ষেত্রত গভীৰ সংকটৰ সন্মুখীন হৈছে৷ আছুৰ যুৱ প্রতিনিধিসকলে জাতিটোৰ এই সংকটকালত কর্ম–সংস্কৃতিৰে নেতৃত্ব দিব লাগিব৷ অনুভূতি আৰু আৱেগৰ সংগ্রামে জাতিক কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে৷ এইক্ষেত্রত অসমৰ ছাত্র–ছাত্রীক সর্বভাৰতীয় পর্যায়ৰ যোগ্যতাসম্পন্ন কৰি তুলিব লাগিব৷ আছুৱে পূর্বৰে পৰা জাতিটোৰ স্বপ্ণদ্রষ্টাৰ ভূমিকা পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি প্রাক্তন উপাচার্যগৰাকীয়ে বিদ্যায়তনিক চমু ভাষণত ছাত্র সংগঠনটোক আধুনিক বিজ্ঞান আৰু প্রযুক্তিৰে সমৃদ্ধ হোৱাৰ লগতে এটা নিজা ৱেবছাহট মুকলি কৰাৰ আহ্বান জনায়৷ আছুৰ ভাৰপ্রাপ্ত সভাপতি উৎপল শর্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশেষ সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাই ভাষণত কয় যে সাম্প্রতিক সময়ত অসমীয়া সমাজত গ্রন্থ অধ্যয়নৰ প্রতি স্পৃহা কমি অহা দেখিবলৈ পোৱা গৈছে৷ এনে কার্যই জাতিটোক বিশ্বৰ বৌদ্ধিক যাত্রাত বহুলাংশে পিছ পেলাই ৰাখিব৷ অসমীয়া ছাত্র–ছাত্রীৰ মাজত অধ্যয়নৰ স্পৃহা জগাবলৈ তাহানিতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত ১৯১৬ চনৰ ২৫ ডিচেম্বৰত গুৱাহাটীৰ লতাশিল খেলপথাৰত শিক্ষার্থী সমাজে সমৱেত হৈ অসম ছাত্র সন্মিলনৰ জন্ম দিছিল৷ সেয়েহে এতিয়া আছুৱে এক বলিষ্ঠ নেতৃত্বৰে বৌদ্ধিক জাগৰণৰ সৃষ্টি কৰি ছাত্র–ছাত্রীসকলৰ লগতে সকলো স্তৰৰ ৰাইজৰ মাজত অধ্যয়নৰ স্পৃহা জন্মাই অসমীয়া জাতিটোক বিশ্বৰ অধ্যয়নপ্রিয় জাতি হিচাপে চিনাকি কৰাই দিবলৈ তেওঁ আহ্বান জনায়৷ সভাত অধিৱেশন উপলক্ষে প্রকাশিত সাংবাদিক অজিত শর্মাৰ দ্বাৰা সম্পাদিত ‘কলং কপিলী’ নামৰ স্মৃতিগ্রন্থখন উন্মোচন কৰে শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রাক্তন সম্পাদকপ্রধান বাবুল বৰাই৷ অধ্যাপক ড০ অচ্যুত কুমাৰ দাসৰ দ্বাৰা সম্পাদিত সাউদ ভোলানাথ বৰুৱাৰ ওপৰত গৱেষণামূলক গ্রন্থ ‘সাউদ’ উন্মোচন কৰে বিশিষ্ট ভাস্কর্য শিল্পী বীৰেন সিংহই৷ উল্লেখ্য যে জিলা আয়ুক্ত দেৱাশিস শর্মাই উদ্বোধন কৰা মুকলি সভাত আদৰণী সমিতিৰ সভাপতি মিলেশ্বৰ পাতৰে স্বাগত অভিভাষণ প্রদান কৰে৷ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আঁত ধৰা মুকলি সভাত বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নার্জাৰী, সদৌ অসম কর্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শর্মা আৰু সদৌ অসম কেন্দ্রীয়–অর্ধকেন্দ্রীয়্ কর্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক মাধৱ হাজৰিকাই বিশেষ সন্মানীয় অতিথি হিচাপে ভাষণ দিয়ে৷ তদুপৰি আছুৰ প্রাক্তন সভাপতি দীপাংক কুমাৰ নাথ, নেছ’ৰ অধ্যক্ষ তথা খাচী ছাত্র সন্থাৰ উপদেষ্টা চেমুৱেল জেৰবা, নেছ’ৰ সাধাৰণ সম্পাদক তথা নগা ছাত্র ফেডাৰেচনৰ উপদেষ্টা মটুছিখয়ু য়’বো, নেছ’ৰ উপদেষ্টা তথা সদৌ মণিপুৰ ছাত্র সন্থাৰ চিনাম প্রকাশ, নেছ’ৰ উপদেষ্টা তথা ত্রিপুৰা ছাত্র ফেডাৰেচনৰ উপেন্দ্র দেৱবার্মা আৰু অৰুণাচল ছাত্র সন্থাৰ সভাপতি দর্জী টানা তাৰা বিশেষ আমন্ত্রিত অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি পলাশ চাংমাই, সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰী, নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়ো, নিখিল ৰাভা ছাত্র সন্থাৰ সভাপতি নৃপেন খান্দা, সদৌ তিৱা ছাত্র সন্থাৰ দুয়োটা গোটৰ সভাপতিদ্বয় চেনিৰাম মালাং আৰু অনিৰূদ্ধ মিঠি, মিচিং ছাত্র সন্থাৰ সভাপতি সম্পাদকদ্বয় তিলক দলে আৰু ছান কুমাৰ পাংগিং, টাই আহোম ছাত্র সন্থাৰ কার্যকৰী সভাপতি দেৱজিৎ গগৈ, টাই আহোম যুৱ পৰিষদৰ সভাপতি বিজয় ৰাজকোঁৱৰ, মটক যুৱ–ছাত্র সন্মিলনৰ সম্পাদক স্বৰূপ গোহাঁই, মৰাণ ছাত্র সন্থাৰ সভাপতি নৱ মৰাণ, কোচ ৰাজবংশী ছাত্র সন্থাৰ সভাপতি বলোৰাম বর্মন, চুতীয়া ছাত্র সন্থাৰ সম্পাদক ৰাজু চুতীয়া, চাহ জনজাতি ছাত্র সন্থাৰ সভাপতি ধীৰাজ গোৱালা, আদিবাসী ছাত্র সন্থাৰ উপদেষ্টা যোচেফ মিঞ্জ, গোর্খা ছাত্র সন্থাৰ সভাপতি অর্জুন ছেত্রী, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি চাহনৱাজ হুছেইন, দেউৰী ছাত্র সন্থাৰ সভাপতি তপন দেউৰী, সোণোৱাল কছাৰী ছাত্র সন্থাৰ সভাপতি দেৱানন্দ চেলেং, কার্বি ছাত্র সন্থাৰ সভাপতি চেমচন টেৰণ, ডিমাচা ছাত্র সন্থাৰ সভাপতি নবীন জোহৰি, উত্তৰ কাছাৰ পার্বত্য জিলা খিলঞ্জীয়া ছাত্র সন্থাৰ সভাপতি ডেভিদ কেহভম, শৰণীয়া কছাৰী ছাত্র সন্থাৰ সম্পাদক দীপজ্যোতি শৰণীয়া, মদাহী ছাত্র সন্থাৰ সভাপতি বিজয় মদাহী, হাজং ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ হাজং, নাথ–যোগী ছাত্র সন্থাৰ সম্পাদক অৰবিন্দ নাথ, কার্বি ছাত্র সন্থাৰ সভাপতি কৰণ সিং ৰংহাং, মেছ কছাৰী জাতীয় পৰিষদৰ সম্পাদক কমল মেছ আৰু জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক উদয়ন কুমাৰ গগৈকে আদি কৰি অসমৰ ভালেসংখ্যক সংগঠনৰ নেতৃত্ব উপস্থিত থাকে৷ তদুপৰি মুকলি সভাত অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা আৰু অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈ আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে৷ নিশা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে উদ্বোধন কৰে এক বাৰেৰহণীয়া সংগীতানুষ্ঠান৷

প্ৰেৰক মানস নাথ

Featured