অজ্ঞাত সংগঠনৰ নামত ধনদাবী কৰি ব্যৱসায়ীক হাৰাশাস্তি

🔹 ঢেকীয়াজুলিত অপু আলীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ : থানাত এজাহাৰ

বিশেষ বাৰ্তা, ১৩ আগষ্ট : শ্বহীদ নগৰী ঢেকীয়াজুলিত অপু আলী ওৰফে জাকিৰ হুছেইন নামৰ যুৱকজনে এজন ব্যৱসায়ীক অজ্ঞাত সংগঠনৰ নামত ধনদাবী কৰি হাৰাশাস্তি কৰা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত ঢেকীয়াজুলিৰ প্ৰফেছৰ কলনীৰ গেলামাল দোকানী চাদ্দাম হুছেইনে সংবাদ মাধ্যমত জনায় যে বিগত চাৰি মাহত তথাকথিত অজ্ঞাত সংগঠনৰ নেতা বুলি জাহিৰ কৰা এইজন অপু আলীয়ে তেওঁৰ পৰা চাৰে এঘাৰ হাজাৰ টকা ধনদাবী কৰি হস্তগত কৰে৷ পুনৰ চলিত মাহৰ ৪ আৰু ১০ আগষ্টত ব্যৱসায়ীগৰাকীৰ দোকানত গৈ ধনদাবী কৰে অপু আলীয়ে। ধন দিবলৈ অমান্তি হ’লে গুলীয়াই মাৰিম বুলি কৈ গুণ্ডাগিৰি কৰে অপু আলীয়ে ৷ অপু আলী নামৰ যুৱকজনে অজ্ঞাত সংগঠনৰ নামত ধনদাবী কৰি হাৰাশাস্তি কৰাত ব্যৱসায়ী চাদ্দাম হুছেইনে আজি ঢেকীয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰি আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । উল্লেখ্য যে এইগৰাকী তথাকথিত অপু আলীয়ে কেইমাহমান পূৰ্বে ঢেকীয়াজুলিৰ কনকা ভিলেজ ৰিজৰ্টত গুণ্ডাগিৰি কৰি ৰিজৰ্টখনৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ লগতে স্বত্বাধিকাৰীক প্ৰাণেমৰাৰ ভাবুকি দিয়াত ৰিজৰ্টখনৰ স্বত্বাধিকাৰীয়েও ঢেকীয়াজুলি থানাত এজাহাৰ দাখিল কৰিছিল যদিও আইনৰ সুৰুঙাৰে সাৰি গৈছিল অপু আলী । এই অপু আলীৰ বিৰুদ্ধে কেইবাটাও অপৰাধমূলক গোচৰ ঢেকীয়াজুলিৰ লগতে অন্য ঠাইত ৰুজু হৈ আছে ৷ পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে লক্ষণীয় হ’ব ৷

প্ৰেৰক কল্পজ্যোতি নাথ

Featured