ধুবুৰীলৈ মাতি আনি পণবন্দী কৰি ধনৰ বিনিময়ত মুক্তি বাংলাদেশী নাগৰিকক

নিয়মীয়া বাৰ্তা, ২৫ মে’ : দুজনকৈ বাংলাদেশী নাগৰিকক কৌশলেৰে অপহৰণ কৰাৰ সমান্তৰালকৈ মুক্তিপণ ৰূপে ২ লাখ টকা আদায় দিয়াৰ অভিযোগ মৰ্মে  ধুবুৰী আৰক্ষীয়ে চাৰিজনকৈ লোকক আটক কৰা বুলি জানিব পৰা গৈছে। বাংলাদেশৰ জামালপুৰৰ নাগৰিক ৰবিয়ল  ইছলাম ৰাজু নামৰ ভূক্তভোগীগৰাকীয়ে সদৰি কৰানুসৰি উন্নত চিকিৎসাৰ বাবে বিগত ২১ মে’ৰ দিনা বাংলাদেশৰ বেনেপোল সীমান্তই ভাৰতলৈ আহিছিল। তেওঁৰ সংগী ৰূপে আহিছিল মোস্তফা কামাল নামৰ এজন বাংলাদেশৰ ফৰিদপুৰৰ এজন লোক। ৰবিয়ল ইছলাম ৰাজুৰ ভাষ্য মতে,  ২০২১ বৰ্ষত  ভাৰতলৈ আহি চিনাকি হোৱাৰ সূত্ৰে এইবাৰ ভাৰতত প্ৰৱেশ কৰাৰ পিছত ধুবুৰীৰ এজন ব্যক্তিলৈ মোবাইলেৰে যোগাযোগ কৰিছিল তেওঁ। ২৩ মে’ৰ নিশা ৯টা মান বজাত ধুবুৰীলৈ অহাৰ পিছত পূৰ্বে চিনাকি হোৱা সেই স্থানীয় ব্যক্তিগৰাকীয়ে কোৱা মতে ধুবুৰীৰ বৰলুইতৰ আলীঘাট নামৰ পাৰঘাট এটাত উপস্থিত হৈছিল তেওঁলোক আৰু সেই স্থানৰ পৰা এখন মটৰচাইকেলেৰে দুয়োকে নিজৰ গৃহলৈ লৈ হৈছিল শ্বাহ আলম নামৰ সেই লোকজনে। নিশাৰ আহাৰৰ পিছত আলমে পুৱা কথা পাতিম বুলি কৈ দুয়োকে শুবলৈ দিয়ে। কিন্তু নিশা ১২টা মান বজাত কেইবাজনো লোক দেশীয় অস্ত্ৰ লৈ শুই থকা কোঠালীটোত প্ৰৱেশ কৰা দেখে তেওঁলোকে। অভিযোগ যে সেই দলটোৱে প্ৰথমে বাংলাদেশী নাগৰিক দুগৰাকীৰ মোবাইল, পাচপোর্ট আৰু মানিবেগ কাঢ়ি লয় আৰু তাৰ পিছত দুয়োকে বান্ধি মাৰপিট কৰে।  বাংলাদেশী দুগৰাকীক নৈৰ পাৰলৈ নি লোৰ ৰডেৰে মাৰপিট কৰে আৰু ১৫ লাখ টকা দাবী কৰে অন্যথা হত্যা কৰি নৈত পেলাই দিয়াৰ ভাবুকিও দিয়ে অপহৰণকাৰী। ইছলামৰ দাবীনুসৰি, ইমান টকা দিবলৈ অপাৰগতা প্ৰকাশ কৰাত দলটোৱে অৱশেষত গৈ ২ লাখ টকাৰ মুক্তিপণত মান্তি হয় আৰু সেই মৰ্মে তেওঁৰ মোবাইলেৰে বাংলাদেশত থকা সৰু ভাতৃৰ সৈতে যোগাযোগ কৰি নিশা ২টাৰ ভিতৰত ২ লাখ টকা নিদিলে ডাঙৰ ভাতৃক হত্যা কৰাৰ সকিয়নী প্ৰদান কৰে। কিন্তু কিদৰে ধনখিনি ল’ব সেয়া নিশ্চিত কৰিব নোৱাৰাৰ বাবে টকা প্ৰেৰণ কৰাৰ নতুন সময়সীমা পিছদিনা, অৰ্থাৎ ২৪ মে’ৰ দিনৰ ১০ বজা ৰূপে ধাৰ্য্য কৰে অহৰণকাৰীসকলে। অৱশেষত দলটোৱে প্ৰদান কৰা বাংলাদেশৰ ডাকবাংলা বেংকৰ একাউন্ট নম্বৰ এটাত ৰবিয়ল ইছলাম ৰাজুৰ ভাতৃয়ে ২ লাখ টকা জমা দিয়ে। টকাখিনি জমা হোৱাৰ ৰচিদ দেখাৰ পিছত  অপহৰণকাৰী দলটোৰ এজন সদস্যই  দুয়োকে ধুবুৰী চহৰলৈ আনে। ইছলামৰ দাবী, ধুবুৰীত অহাৰ পিছত সুযোগ বুজি ল’গত অহা লোকজনৰ পৰা নিজৰ মোবাইলটো কাঢ়ি ল’ব সক্ষম হয় যদিও তেওঁলোকৰ পাচপোৰ্ট লোকজনৰ কাষতেই থাকি যায়। ইপিনে দুয়োৰে মাজত আৰম্ভ হোৱা টনা-আঁজুৰা প্ৰত্যক্ষ কৰি ৰাজপথেৰে অহা-যোৱা কৰা লোক জমা হ’বলৈ ধৰে আৰু সেয়া প্ৰত্যক্ষ কৰি তেওঁলোকৰ ল’গত অহা অপহৰণকাৰীজন পলাই পত্ৰং দিয়ে। পিছত বিষয়টো অৱগত হৈ ঘটনাস্থলীত জমা হোৱা লোকসকলৰ পৰামৰ্শ অনুযায়ী ধুবুৰী আৰক্ষীৰ কাষ চাপে দুয়ো। ঘটনা সন্দৰ্ভত আনুষ্ঠানিকভাবে একো কোৱা নাই যদিও ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আমিনেৰ চৰ নামৰ এটা অঞ্চলৰ ৪জন লোকক আটক কৰি আৰক্ষীয়ে শোধপোচ চলাই থকা বুলি জানিব পৰা গৈছে। ইপিনে ২০২১ বৰ্ষত ভাৰতলৈ অহাৰ সময়ত কি সূত্ৰত ধুবুৰীৰ সেই শ্বাহ আলম নামৰ লোকজনৰ সৈতে ৰবিয়ল ইছলাম ৰাজু নামৰ বাংলাদেশী লোকজনৰ চিনাকি হৈছিল  বা অহা ২৭ মে’ৰ দিনা তামিলনাড়ুত চিকিৎসকক সাক্ষাৎ কৰিবলগীয়া ইছলামে কিয় ধুবুৰীলৈ আহিছিল সেয়া সম্পূর্ণ ৰূপে বৰ্তমানলৈ স্পষ্ট নহয় যদিও আৰক্ষীৰ তদন্তৰ পিছত সকলো দিশ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured