এইবাৰ হাতীৰ প্রতীকত ভোট দিব মুখ্যমন্ত্রীয়ে

🔹 বৰক্ষেত্রীত নির্বাচনী প্রচাৰত ড০ শর্মা

বিশেষ বাৰ্তা, ৩০ এপ্রিল : সুদীর্ঘ ১৩ বছৰ বিৰতিৰ পাছত এইবাৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লোকসভা নির্বাচনত হাতীৰ ছবিত ভোট দিব৷ কালি বৰক্ষেত্রীৰ মুগদি গাঁৱত বৰপেটা লোকসভাৰ অগপ তথা মিত্রজোঁটৰ প্রার্থী ফণীভূষণ চৌধুৰীৰ হৈ নির্বাচনী প্রচাৰ চলাই ভাষণত এই কথা উল্লেখ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ লোকসভা আৰু বিধানসভাৰ সমষ্টি পুনৰ নির্ধাৰণৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই প্রতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ যিটো ভোটকেন্দ্রত তেওঁ ইমানদিনে ভোট দি আহিছে, সেই ভোটকেন্দ্রটো এইবাৰ বৰপেটা লোকসভাৰ অন্তর্ভুক্ত হৈছে৷ বিজেপি মিত্রজোঁটে এইবাৰ বৰপেটা লোকসভাৰ আসনখন মিত্রদল অগপক এৰি দিছে৷ সেই অনুসৰি মুখ্যমন্ত্রী ড০ শর্মাই এইবাৰ লোকসভা নির্বাচনত হাতীৰ প্রতীকত ভোটদান কৰিব৷ সুদীর্ঘ কেইবাবছৰ বিৰতিৰ পাছত এইবাৰ লোকসভা নির্বাচনত তেওঁ হাতীৰ প্রতীকত ভোটদান কৰিব৷

Featured