এইবাৰ ৱাইনশ্বপৰ লাইচেন্সৰ নামত প্ৰৱঞ্চনা

🔹 পাঠশালাত ৰাইজৰ ৰোষত মতিলাল দৈমাৰী

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ষ্টক ট্ৰেডিঙৰ নামত হাজাৰ কোটি টকাৰ লুন্ঠনৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে পোহৰলৈ আহিছে অন্য এক প্ৰৱঞ্চনাৰ ঘটনা৷ এইবাৰ প্ৰৱঞ্চনাৰ বিষয় হৈছে ৱাইনশ্বপৰ লাইচেন্স দিয়াৰ৷ যাৰ পৰিপ্ৰেক্ষিতত কালি নিশা বজালী জিলা সদৰ পাঠশালাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। এই উত্তপ্ত পৰিস্থিতিৰ মাজতে মতিলাল দৈমাৰী নামৰ এজন প্ৰৱঞ্চকক ৰাইজে গতালে আৰক্ষীক৷ ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ৱাইনশ্বপৰ লাইচেন্স দিম বুলি বজালীৰ দক্ষিণ প্ৰান্তৰ বালাপাৰা নিৱাসী তথা সম্প্ৰতি বৰপেটাৰোডত বসবাস কৰা মতিলাল দৈমাৰী নামৰ এজন ব্যক্তিয়ে পাঠশালাৰ বহুকেইজন ব্যক্তিৰ পৰা লাখে লাখে ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কিন্তু ৱাইনশ্বপৰ লাইচেন্সৰ কাম নোহোৱাত বহুদিনৰ পৰা পলাই থকা প্ৰৱঞ্চক মতিলাল দৈমাৰীক কালি নিশা পাঠশালা হাইৱে চ’কত স্থানীয় ৰাইজৰ সহযোগত লাখে লাখে টকা দিয়া পৰিয়াল এটাই আবদ্ধ কৰি পাঠশালা আৰক্ষীক গতাই দিয়ে৷ ঘটনা সংঘটিত হোৱাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ৱাইনশ্বপৰ লাইচেন্সৰ নামত এক শকত পৰিমাণৰ ধন আদায় দিয়া এগৰাকী মহিলাই ৰণচণ্ডী মূৰ্তি ধৰি উত্তপ্ত কৰি তোলে সমগ্ৰ অঞ্চল৷ এতিয়া ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়৷

Featured