কংগ্ৰেছৰ ভেটিত কঁপনি তুলি সহস্ৰাধিকৰ বিজেপিত যোগদান

🔹 চামগুৰিত কংগ্ৰেছ ত্যাগৰ জোৱাৰ

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : চামগুৰিত চপৰা চপৰে খহিছে এতিয়া কংগ্ৰেছৰ ভেটি। আৰম্ভ হৈছে এতিয়া নিশাৰ ৰাজনীতি। প্ৰতিনিশাই শ শ লোকে বিজেপিত যোগদানৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। যোৱানিশা সমষ্টিটোৰ অন্তৰ্গত শিঙিমাৰী জিলা পৰিষদৰ বিভিন্ন পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা কেইবাখনো সভাত কংগ্ৰেছ দলৰ সহস্ৰাধিক নেতা-কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰা দেখা যায়। একালৰ ৰকিবুলৰ ঘনিষ্ঠ নেতা মজিবুৰ ৰহমানৰ নেতৃত্বত কংগ্ৰেছ দল ত্যাগ কৰি শ শ লোকে বিজেপি দলত যোগদান কৰা পৰিলক্ষিত হয়। চামগুৰিত ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে অতিষ্ঠ হৈ কংগ্ৰেছ দল ত্যাগ কৰা বুলি জানিব পৰা গৈছে ৷ বিজেপি নেতা মজিবুৰ ৰহমানে সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি কয় যে কংগ্ৰেছ দলৰ খহনীয়া আৰু বিজেপি দলত শ শ লোকৰ স্বতস্ফূৰ্ত আৰু স্ব- ইচ্ছাই যোগদান পৰ্ব‌ই এটা কথা স্পষ্ট কৰিছে যে চামগুৰিত আগন্তুক উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত।

প্ৰেৰক জহিৰুল ইছলাম

Featured