বকলীয়াঘাটত নিষিদ্ধ ড্ৰাগছ জব্দ : ইমামসহ তিনিজনক গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ২৬ জুন : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে কাৰ্বি আংলং জিলা আৰক্ষীৰ অভিযান। আজি এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি কাৰ্বি আংলং জিলা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখে ভিন্ন স্থানত। বকলীয়াঘাট থানা এলেকাৰ ডিছ’বাইত অভিযান চলাই এই এছ-০২, এই এম, ৫২২৮ নম্বৰযুক্ত ছুইফ্ট ডিজায়াৰ বাহনৰ পৰা ১৩টা চাবোনৰ বাকচত লুকুৱাই অনা ১৫৬ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে। লগতে গ্ৰেপ্তাৰ কৰা হয় নগাঁও জিলাৰ ধিং আৰু বৰদোৱাৰ তফজ্জুৰ হুছেইন, নূৰ আলম হুছেইন আৰু ইক্ৰামুল হুছেইন। ইয়াৰে ইক্ৰামুল হুছেইন এখন মছজিদৰ ইমাম বুলি প্ৰাথমিক তদন্তত প্ৰকাশ। বাহনখন মাঞ্জাৰ পৰা নগাঁও অভিমুখে গৈ থাকোতে ডিছ’বাইত আৰক্ষীৰ নাকা তালাচীত ধৰা পৰে। ইতিমধ্যে তিনিওকে বকলীয়াঘাট থানালৈ আনি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰখা হৈছে।

প্ৰেৰক ৰাজু কাঠাৰ

Featured