মৃত্যুৰ কিৰীলি : পাটকাই পাহাৰত জীৱন্তে ভূগৰ্ভস্থ ৩ কয়লা শ্ৰমিক

নিয়মীয়া বাৰ্তা, ২৫ মে’ : পাটকাই পাহাৰত পুনৰ মৃত্যুৰ কিৰীলি। নিজে গঢ়ি তোলা অবৈধ আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙ বা ৰেট হ’ল মাইনিঙত কয়লা খনন কৰিবলৈ গৈ জীৱন্তে ভূগৰ্ভস্থ হ’ল তিনিজন কয়লা শ্ৰমিক। জানিব পৰা মতে, লিডুৰ টিকক কলিয়ৰীৰ অন্তৰ্গত বৰগোলাই-নামদাঙৰ মাজত থকা টিকক ৱেষ্ট মাইনিঙত অবৈধভাৱে গঢ়ি তোলা এটা আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙত নিশা প্ৰায় ১২:৩০ বজাত কয়লা খনন কৰিবলৈ গৈছিল চাৰি শ্ৰমিক। ইয়াৰে তিনিজনে কয়লা খনন কৰি আছিল ভিতৰত আৰু এজনে বাহিৰত থাকি সৰবৰাহ কৰি আছিল। তেনে সময়তে ভূমি স্খলন হৈ মাইনিঙৰ পথটো বন্ধ হৈ পৰে। ফলত তাতে তিনিজন শ্ৰমিক আৱদ্ধ হৈ মৃত্যুমুখত পৰা বুলি জনা গৈছে। মাইনিঙৰ বাহিৰত কয়লা কঢ়িয়াই থকা এজন শ্ৰমিকৰ চকু সন্মুখতে এই ঘটনা সংঘটিত হয়। জীৱন্তে ভূগৰ্ভস্থ হোৱা শ্ৰমিক তিনিজনৰ এজন নেপালৰ ভূজপুৰৰ দাৱা চেৰপা আৰু আন দুজন মেঘালয়ৰ। নাম জন আৰু ফিনাল বুলি জনা গৈছে। ঘটনাস্থলীত আৰক্ষী আৰু উত্তৰ পূব কয়লা ক্ষেত্ৰৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈছে। মৃতদেহ উদ্ধাৰৰ অভিযান চলি আছে যদিও বাতৰি প্ৰাস্তুত কৰা সময়লৈকে শুংসূত্ৰ পোৱা নাই। সমগ্ৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰেৰক মানস প্ৰতিম গগৈ

Featured