চিৰাঙত ভূটানী সুৰাসহ ৩খন কন্টেইনাৰ জব্দ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : দেশজুৰি নিৰ্বাচনী অধিসূচনা তথা বিধি বলৱৎ হৈ থকাৰ মাজতে আজি চিৰাঙৰ কাজলগাঁৱত আবকাৰী বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ সুৰা জব্দ হয়। ভূটানৰ পৰা সৰবৰাহ কৰা সুৰাভৰ্তি তিনিখন কন্টেইনাৰ অভিযানকাৰী দলে জব্দ কৰিবলৈ সক্ষম হয়। চিৰাং জিলা আবকাৰী বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, ভূটানৰ গেলেফু চহৰৰ পৰা দিল্লী অভিমুখে গৈ থকা অৱস্থাত ভূটানী সুৰাভৰ্তি কন্টেইনাৰ তিনিখন জব্দ কৰা হয়। জব্দ কৰা কন্টেইনাৰকেইখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে RJ-52 GA-3533, NL-01 AB-7197 আৰু NL-01 AH-5504। কন্টেইনাৰ তিনিখনত ৩১৩০ কাৰ্টন ভূটানী সুৰা আছিল বুলি আবকাৰী বিভাগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। জব্দ কৰা বাহন তিনিখনৰ সৈতে সুৰাৰ বজাৰ মূল্য প্ৰায় চাৰি কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

প্ৰেৰক বিপুল কুমাৰ দাস

Featured