যাত্ৰীবাহী বাছৰ দৌৰাত্ম্য : চাবুৱাত পথ দুৰ্ঘটনাত থিতাতে নিহত তিনি

নিয়মীয়া বাৰ্তা, ৪ জুনঃ অসুৰক্ষিত পথৰ বাবে পুনৰ চাবুৱাত তিনিজন লোকে থিতাতে প্ৰাণ হেৰুৱালে৷ আজি ১১ মান বজাত চাবুৱা পুৰণি পেট্ৰ’ল পাম্পৰ সমীপত এখন তীব্ৰ বেগী এখন বাছৰ খুন্দাত থিতাতে তিনিজন লোক নিহত হয়৷ নিহত লোককেইজন চাবুৱাৰ৷ এ এছ -২৩ বি চি-৭৪৩৭ নম্বৰৰ ডিব্ৰুগড় তিনিচুকীয়া অভিমুখী যাত্ৰী কঢ়িয়াই নিয়া বাচ খনে প্ৰেট্ৰ’ল ডিপুটোৰ সন্মুখতে নম্বৰবিহীন অট’খনৰ চালকসহ আন দুজন যাত্ৰী গৈ থকা অৱস্থাতে সংঘৰ্ষ হয়৷ সংঘৰ্ষটো ইমান তীব্ৰৰূপত হৈছিল যে অট’খনৰ তিনিও চিটিকি পৰি ৰাজপথত চিন্ন-বিচিন্ন হৈ পৰে শৰীৰ৷ তীব্ৰবেগী বাচখনে অট’খন খুন্দিয়াই চোঁচৰাই নিয়ে প্ৰায় তিনিশমান মিটাৰ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে বাচ চালকৰ সন্ধান ওলোৱা নাই আৰু বাচখনৰ কোনো যাত্ৰী আহত হোৱাৰ খবৰ লাভ কৰা হোৱা নাই৷ ঘটনাস্থলিত চাবুৱা আৰক্ষী উপস্থিত হৈ জৰুৰীকালীন সেৱাৰ ব্যক্তিৰ সৈতে আৰক্ষীয়ে চিন্ন-বিচূৰ্ণ মৃতদেহ উঠাই ৰাজপথ মুকলি কৰে৷ পিছতে মৃতদেহৰ অংশ অগ্নি নিৰ্বাপক বাহিনীয়ে পানীৰে পৰিষ্কাৰ কৰিবলগীয়া হয়৷ নিহত তিনিগৰাকী ব্যক্তি ক্ৰমে বিশমাইলৰ বেতমেলা গাঁৱৰ সঞ্জয় শইকীয়া, চুঙিচুক গাঁৱৰ অভিজিৎ বৰুৱা আৰু হাবিচুক গাঁৱৰ ৰূপনজিৎ দুৱৰা৷ এই ঘটনাৰ পিছতে সমগ্ৰ চাবুৱাতে শোকৰ ছাঁ পৰাৰ লগতে তিনি মৃতকৰ তিনিওখন গাঁৱত নিমাওমাও পৰিবেশ বিৰাজমান৷ বাতৰি প্ৰস্তুত কৰাৰ সময়লৈকে মৃতকৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহ বাসগৃহলৈ অনা হোৱা নাই যদিও চাবুৱাৰ চৌদিশে দেখিবলৈ পোৱা গৈছে নিস্তৱদ্ধতা৷ উল্লেখ্য যে, ডিব্ৰুগড় তিনিচুকীয়া সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহন চলাচলৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বাচযাত্ৰী বিচাৰি বাচসমূহৰ মাজত তীব্ৰ প্ৰতিযোগিতা দেখিবলৈ পোৱা যায়৷ জিলা দুখনৰ সদৰৰ পৰা অসম ৰাজ্যিক পৰিবহন নিগম আৰু সন্থাৰ বাচ সমূহ ওচৰা-ওচৰিকৈ ৰাজপথলৈ আহে আৰু প্ৰতি দহ মিনিটৰ মুৰে মুৰে দুখনকৈ বাচে ৰাজপথত সন্ত্ৰাস সৃষ্টি কৰে যাত্ৰী কঢ়িয়ায়৷ ইয়াৰ ফলত পথৰ অন্য লোক সকল শংকিত হোৱাৰ লগতে দুৰ্ঘটনা পতিত হৈ আহিছে৷ ৰাজপথত যেন কেৱল বাচহে চলিব লাগিব এনেধৰণৰ পৰিস্থিতিৰ মাজতেই আজিৰ ঘটনাটো সংঘটিত হোৱা বুলি সকলোৱে একে মুখে কৈছে৷ জানিব পৰা অনুসৰি কালি সন্ধিয়াৰ সময়ত এদল যুৱক স্কপিঅ’ বাহন দৈৱক্ৰমে দূৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা দুখন অগাদেৱা কৰি তীব্ৰবেগত আহি থকা যাত্ৰীবাহী বাচৰ বাবে৷ তদুপৰি ৰাষ্ট্ৰীয় পথত চলা অট’ সমূহে যানযঁতৰ সৃষ্টি নকৰাও নহয়৷ মানুহ দেখিলেই আগ-পিছ নেদেখাকৈ হঠাতে অট’খন ৰখাই দিয়াৰ ফলত পিছফালৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাব লগা হয়৷ অৱশ্যে আজিৰ ঘটনা সংঘটিত হোৱাৰ কাৰণ স্পষ্ট নহয় যদিও অট’ আৰু বাচৰ সম্পৰ্কে সকলোৱে সমালোচনাহে কৰিছে৷

প্ৰেৰক দিব্যজ্যোতি লাহন

Featured