কিশোৰীক হত্যাৰ পিছত বলাৎকাৰ কৰা নৰপিশাচক আটক

🔹 তিনি লম্পটৰ নৃশংস কাণ্ডৰ ৰহস্য উন্মোচিত

কৰিমগঞ্জ, ২৯ ছেপ্টেম্বৰ : কৰিমগঞ্জৰ ১৫ বছৰীয়া কিশোৰী হত্যাৰ ৰহস্য উন্মোচিত হ’ল । আৰক্ষীয়ে আটক কৰিলে তিনি নৰপিশাচক। কিশোৰীগৰাকীক প্ৰথমে হত্যা কৰিছিল আৰু তাৰ পাছত বলাৎকাৰ কৰা হৈছিল । হত্যা কৰি মৃত কিশোৰীগৰাকীক বলাৎকাৰ কৰিছিল তিনি নৰপিশাচে। ঘটনাৰ ১৭ দিন পিছত তিনি অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ত কৰাত জঘন্য কৰ্মকাণ্ডৰ তথ্য পোহৰলৈ আহে। এটা মোবাইল নম্বৰৰ সূত্ৰ ধৰি আৰক্ষীয়ে তদন্তত সাফল্য লাভ কৰে । এই জঘন্য ঘটনা সংঘটিত হৈছিল যোৱা ৯ ছেপ্টেম্বৰৰ নিশা কৰিমগঞ্জ চহৰৰ সংলগ্ন মেদলত । ১০ ছেপ্টেম্বৰৰ পুৱাৰ ভাগত নিজা ঘৰত উদ্ধাৰ হৈছিল অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ ৰক্তাক্ত মৃতদেহ । কিশোৰীৰ পিতৃ-মাতৃ ঘৰত নথকা অৱস্থাত সংঘটিত হৈছিল এই ঘটনা। ঘটনাৰ পিছত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত চলোৱা হৈছিল তদন্ত। আৰক্ষীয়ে ১৭ দিন পাছত এই ঘটনাৰ সৈতে জড়িত তিনি অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। এই তিনি অভিযুক্ত হৈছে ৰাহুল দাস, শুভ্ৰ মালাকাৰ আৰু বিপ্লৱ পাল। আৰক্ষীৰ তদন্তত ওলাই পৰে, কিশোৰীৰ লগত ভুৱা প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল কৰিমগঞ্জৰ ৰে’ল বিভাগৰ কৰ্মচাৰী ৰাহুল দাসে। যুৱকজনে কিশোৰীক প্ৰদান কৰিছিল এটা মোবাইল ফোন। ঘটনাৰ দিনা পিতৃ-মাতৃ ঘৰত নথকাৰ কথা কিশোৰীগৰাকীৰ মুখৰ পৰা যুৱকজনে জানিবলৈ সক্ষম হৈছিল। সেই অনুসৰি ঘটনাৰ দিনা ৰাহুল দাসে কিশোৰীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ উদ্দেশ্যে কিশোৰীগৰাকীক হেঁচা প্ৰয়োগ কৰিছিল। যুৱকজনৰ কু-প্ৰস্তাৱ কোনো অৱস্থাতে তেওঁ মানি ল’বলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল কিশোৰীগৰাকীয়ে। সেইবাবে ঘটনাৰ নিশা প্ৰেমিক ৰাহুল দাসে শুভ্ৰ মালাকাৰ আৰু বিপ্লৱ পালক লগত লৈ কিশোৰীগৰাকীৰ ঘৰত প্ৰৱেশ কৰে। লগে লগে কিশোৰীগৰাকীয়ে চিঞৰাৰ চেষ্টা কৰাত তিনি বন্ধুৱে মিলি হত্যা কৰে ছাত্ৰীগৰাকীক। এজনে ভৰিত ধৰে, আনজনে পেটত ধৰে আৰু ৰাহুলে ছোৱালীগৰাকীক ডিঙি চেপি হত্যা কৰে। তাৰ পিছত এজন এজনকৈ তিনিওজনে মৃত কিশোৰীগৰাকীক বলাৎকাৰ কৰি পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে কিশোৰীগৰাকীৰ এখন বহীত লিখি ৰখা ফোন নম্বৰৰ পৰা তদন্ত আৰম্ভ কৰি ঘটনাৰ সমস্ত তথ্য পোহৰলৈ আনে। যাৰ বাবে তিনি অভিযুক্তক আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত এই তিনি যুৱকে ঘটনাৰ কথা স্বীকাৰ কৰে বুলি আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। আনহাতে, কৰিমগঞ্জ আৰক্ষীয়ে কালি দোষী তিনিজনক ঘটনাস্থলীলৈ লৈ গৈ ক্ৰাইম ছিন পৰ্য্যবেক্ষণ কৰে।

প্ৰেৰক অসীম দেব

Featured