দক্ষিণ শালমাৰা মানকাচৰত আৰক্ষীক আক্ৰমণৰ অভিযোগত ধৃত তিনি

নিয়মীয়া বাৰ্তা, ২৫ মে’ : আজি পুৱতি নিশা মেঘালয়ৰ দক্ষিণ গাৰোপাহাৰ জিলাৰ ৰাজাবালা আৰু দক্ষিণ শালমাৰা থানাৰ দলৰ যৌথ অভিযানত ৮টাকৈ ম’হ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ খালচামাৰি অঞ্চলত অভিযান চলাইছিল দলটোৱে । উল্লেখ্য যে ২৩ মে’ৰ নিশা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ সীমান্তৱৰ্তী টাকিমাৰীৰে পশুধন সৰবৰাহকাৰীৰ দলে বাংলাদেশলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাই থকাৰ সময়ত দক্ষিণ শালমাৰা আৰক্ষী থানাৰ এটি দলে অকষ্মাতে ঘটনাস্থলীত উপস্থিত হৈ জব্দ কৰিছিল কেইবাটাও ম’হ। কিন্তু উদ্ধাৰ কৰা ম’হ কেইটা লৈ ওভোতাৰ পথত উন্মত্ত পশুধন সৰবৰাহকাৰীৰ দলটোৰ আক্ৰমণৰ সন্মুখীন হৈছিল আৰক্ষীয়ে। আজি পুৱতি নিশা উদ্ধাৰ কৰা ম’হ ৮টা সিদিনা আৰক্ষীৰ দলটোৰ পৰা লৈ যোৱা হৈছিল বুলি প্ৰকাশ। ইপিনে ম ‘হ কেইটা উদ্ধাৰ কৰাৰ ল’গতে ২৩ মে’ৰ নিশাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ৩জনকৈ অভিযুক্তক কৰায়ত্ত কৰা বুলিও জানিব পৰা গৈছে। ধৃত কেইগৰাকী হ’ল আজিজুল হ’ক মণ্ডল, চৈয়দ আলী আৰু আখিৰুল ইছলাম। আনহাতে যোৱা নিশা প্ৰায় ১টা মান বজাত গোপন এক তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ বুন্দেলাৰ চৰ অঞ্চলৰ পৰা আৰক্ষীয়ে ৮টাকৈ ষাঁড়গৰু উদ্ধাৰ কৰা বুলি প্ৰকাশ। ষাঁড়গৰু কেইটা নদীপথেৰে বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে অনা হৈছিল বুলি সন্দেহ কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured