দুষ্প্ৰাপ্য বনৰৌ-পানী উটৰ বিভিন্ন অংগসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

🔹 ডাঙৰীত বন বিভাগৰ সফল অভিযান

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত তথা ছৈখোৱা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ ডাঙৰীৰ সমীপৰ লাল বাংলাত কালি সন্ধিয়া বন বিভাগৰ এক অভিযানত দুষ্প্ৰাপ্য বনৰৌ আৰু পানী উটৰ ছাল তথা বিভিন্ন অংগ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত তথ্য অনুসৰি, কালি সন্ধিয়া ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাষৰীয়া ৰাজ্য অৰুণাচলৰ পৰা AS-23-AD-8916 আৰু AR-18-0024 নম্বৰৰ দুখন বাহনত দুষ্প্ৰাপ্য জীৱ-জন্তুৰ কিছু অংগ লৈ তিনিচুকীয়া অভিমুখে অহি থকাৰ এক গোপন তথ্য লাভ কৰিছিল বন বিভাগে। যাৰ পৰিপ্ৰেক্ষিতত ডুমডুমা বন সংমণ্ডলৰ কাৰ্যালয়ৰ লগতে ছৈখোৱা বনাঞ্চলিক কাৰ্যালয়ৰ এটা অভিযানকাৰী দলে ডাঙৰীৰ সমীপৰ লাল বাংলাত খাপ পিটি উক্ত বাহনকেইখন জব্দ কৰি বাহনকেইখনৰ পৰা সম্প্ৰতি সমগ্ৰ বিশ্বতেই অতি দুষ্প্ৰাপ্য দুটাকৈ বনৰৌ আৰু এটা পানী উটৰ ছালসহ বিভিন্ন অংগ উদ্ধাৰ কৰি উক্ত অংগসমূহ সৰবৰাহৰ লগত জড়িত তিনিজনকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বন বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি, ধৃত তিনি সৰবৰাহকাৰী ক্ৰমে অৰুণাচলৰ চাংলাং জিলাৰ বিজয়পুৰ গাঁৱৰ নিহাৰ বিন্দু চাকমা, পশ্চিম চিয়াং জিলাৰ আল’ৰ ডগাম আংগো আৰু অসমৰ তিনিচুকীয়া জিলাৰ কাকপথৰৰ পৰশমণি চাংমায়ে দুখনকৈ বাহনত উক্ত বন্যপ্ৰাণীৰ অংগসমূহ অৰুণাচলৰ পৰা সৰবৰাহ কৰি কোনো লোকক বিক্ৰীৰ ব্যৱস্থা কৰিছিল যদিও বন বিভাগৰ তৎপৰতাত তথা সফল অভিযানত উক্ত অংগসমূহ জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি ধৃত উক্ত তিনি বন্যপ্ৰাণীৰ অংগ সৰবৰাহকাৰীক বন বিভাগে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে। অতি কম দিনৰ ভিতৰতে ঘটনাৰ সৈতে জড়িত আৰু কেইবাজনো লোক বন বিভাগৰ জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ।

প্ৰেৰক ঋতুপৰ্ণ সোণোৱাল

Featured