বন্দ্যা ইণ্টাৰনেচনেল স্কুলৰ তিনি শিক্ষার্থীৰ শ্রেষ্ঠ তার্কিকৰ বঁটা

🔹 ডেৰাডুনত ৱর্ল্ড স্কুল ডিবেটিং চেম্পিয়নশ্বিপ

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : বন্দ্যা ইণ্টাৰনেচনেল স্কুলৰ তিনি কীর্তিমানে কঢ়িয়াই আনিছে বিশেষ সফলতা৷ ডেৰাডুনস্থিত ডুন স্কুলত অনুষ্ঠিত ৱর্ল্ড স্কুল ডিবেটিং চেম্পিয়নশ্বিপত শেহতীয়াকৈ বন্দ্যা ইণ্টাৰনেচনেল স্কুলৰ তিনি শিক্ষার্থী ক্রমে আয়ুসলংখো, শ্বাজাইবৰাইফ হুছেইন আৰু ছাবালী বুঢ়াগোহাঁয়ে যোৱা ২৯ আৰু ৩০ আগষ্টত অনুষ্ঠিত বিশ্বমানৰ প্রতিযোগিতাত শ্রেষ্ঠ তার্কিকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ বন্দ্যা ইণ্টাৰনেচনেল স্কুলৰ পৰা প্রথমবাৰৰ বাবে বিশ্বমানৰ তর্ক প্রতিযোগিতাখনত অংশগ্রহণ কৰি শিক্ষার্থী তিনিজনে তেওঁলোকৰ শক্তিশালী প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হয় আৰু প্রতিযোগিতাখনত সপক্ষে যুক্তি প্রদর্শন কৰি তিনিটাকৈ শ্রেষ্ঠ তার্কিকৰ সন্মান বুটলিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বন্দ্যা ইণ্টাৰনেচনেল স্কুলে ছাত্র–ছাত্রীসকলৰ ব্যক্তিত্ব শক্তিশালী কৰাত বিশেষ গুৰুত্ব প্রদান কৰি আহিছে৷ ছাত্র–ছাত্রীসকলক বিভিন্ন দৃষ্টিকোণৰ পৰা বিশ্বৰ সকলো দিশ দাঙি ধৰাৰ লগতে সমালোচনাত্মক বিশ্লেষণ কৰিব পৰা আৰু আত্মবিশ্বাসেৰে কথা ক’ব পৰা আদি বিষয়ৰ ক্ষেত্রত বিদ্যালয়খনে বিশেষ গুৰুত্ব প্রদান কৰি আহিছে৷ বন্দ্যা ইণ্টাৰনেচনেল স্কুললৈ এই সাফল্য কঢ়িয়াই অনাৰ আঁৰত বিশেষভাৱে জড়িত হৈ থকা তথা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ প্রতিযোগিতাত ছাত্র–ছাত্রীসকলক তদাৰক কৰা শুভলক্ষ্মী বৰাক এই সাফল্যৰ বাবে বিদ্যালয় কর্তৃপক্ষই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে৷ সন্মান বুটলি অনা শিক্ষার্থীকেইগৰাকীক শুভলক্ষ্মী বৰাই প্রতিযোগিতাৰ বাবে প্রস্তুত কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷

Featured