প্ৰচণ্ড গৰমঃ লাহৰীঘাটত অসুস্থ তিনিগৰাকী ছাত্ৰী

নিয়মীয়া বাৰ্তা, ৩ জুনঃ প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্য। তাৰ মাজতে আজি অতিপাত গৰমত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দাতিয়ালবড়ী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰী অসুস্থ হৈ পৰে। গৰমত ছাত্ৰী তিনিগৰাকী সংজ্ঞাহীন হৈ পৰে। লগে লগে অসুস্থ তিনিওগৰাকী ছাত্ৰীক বিদ্যালয় কৰ্তৃপক্ষই লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে। বিদ্যালয়ত অসুস্থ হোৱা ছাত্ৰীকেইগৰাকী হল চুহানা চুলতানা, খালিদা জিয়া, আৰু হাৱা বিবি। চিকিৎসাৰ পিছত ছাত্ৰীকেইগৰাকী সম্পূৰ্ণৰূপে সুস্থ হোৱাত চিকিৎসকে ঘৰলৈ যাব দিয়ে। আজি মৰিগাঁও জিলা প্ৰশাসনে প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিদ্যালয়সমূহত পুৱা ৭:৩০ বজাৰ পাঠদান আৰম্ভ কৰাৰ নিৰ্দেশ জাৰি কৰে।
প্ৰেৰক আবুল কালাম
Featured