মানাহত গা ধুবলৈ গৈ বৰপেটাৰোডৰ তিনি যুৱকৰ মৃত্যু : এজনৰ মৃতদেহ উদ্ধাৰ, নিখোজ ২ 

নিয়মীয়া বাৰ্তা, ২ মেঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নৈত গা ধুবলৈ গৈ বৰপেটাৰোডৰ তিনি যুৱকে চৰম দুৰ্ভাগ্যক আঁকোৱালি ল’ব লগা হোৱা এক শোকজনক ঘটনাই বৰপেটা-বাক্সা জিলাৰ পাৰ্শ্বৱৰ্তী সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰাৰ লগতে তীব্ৰ উৎকণ্ঠা-চাঞ্চল্যৰ সৃষ্টি হয়। উল্লেখ্য যে জানিব দিয়া মতে বৰপেটাৰোডৰ কৃষ্ণ নগৰৰ পূৰ্বতে ষ্টুডিঅ’ৰ কাম কৰা গোপাল সাহাৰ পুত্ৰ ৰাজ সাহা, ভাতৃ দ্বীপ সাহা আৰু তেওঁলোকৰ বন্ধু তথা একেঠাইৰ জুৱেলাৰীৰ ব্যৱসায়ী আকাশ কৰ্মকাৰৰ পুত্ৰ অভিজিৎ কৰ্মকাৰে; তিনিও বন্ধুৱে মে’ দিৱসৰ বন্ধত নিজৰ AS 15L 5825 নম্বৰ hundai i10 বাহনেৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ফুৰিব গৈ নদীত গা ধুবলৈ নামিছিল। কালিৰে পৰা নিখোজ হৈ থকাৰ পিছত বিচাৰ খোছাৰ কৰিও কোনো খবৰ নোপোৱাৰ পিচত আজি পুৱা মানাহৰ‌ কাষেৰে যোৱা বেঁকী নৈৰ পানীত উপঙি থকা অৱস্থাত ৰাজ সাহা নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাত সকলোৰে মাজত হুৱাদুৱা লাগে৷ ৰাজ সাহা পেছাত ফটোগ্ৰাফাৰ আছিল। পৰিয়ালৰ লোকে জনোৱা মতে ৰাজ সাহা আৰু দ্বীপ সাহা দুই ভাই ককাই আছিল। দ্বীপ সাহা পাঞ্জাৱ নেচনেল বেংকত কৰ্মৰত আছিল। আনহাতে অভিজিৎ কৰ্মকাৰ এখন জুৱেলাৰীৰ কৰ্মৰত আছিল। উক্ত ঘটনাৰ পিছতেই বৰপেটাৰোডৰ লগতে বৰপেটা-বাক্সা জিলাৰ পাৰ্শ্বৱৰ্তী সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। দ্বীপ সাহা আৰু অভিজিৎ কৰ্মকাৰ এতিয়াও নিখোজে হৈ আছে আৰু তেওঁলোকৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে। উল্লেখ্য যে বিগত দুই তিনি বছৰত মানাহৰ কাষত গা ধুবলৈ লৈ কেইবাজনো যুৱকে মৃত্যুক আকোঁৱালি লোৱা দুৰ্ঘটনা সংঘটিত হৈছিল।

প্ৰেৰক দীপাংকৰ বায়ন

Featured