আজি পাঁচ সমষ্টিত ভোট

ক’ভিড বিধি কটকটীয়া নিৰাপত্তা

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ  দেশৰ নির্বাচন আয়োগে ইতিপূর্বে ঘোষণা কৰা সূচী অনুসৰি কাইলৈ অনুষ্ঠিত হ’ব অসমৰ পাঁচ সমষ্টিৰ উপ–নির্বাচনৰ ভোটগ্রহণ৷ গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰাত কঠোৰ ক’ভিড বিধি, কটকটীয়া নিৰাপত্তাৰ মাজত মুক্ত–নিকা–নিৰাপদভ্ ভোটগ্রহণ প্রক্রিয়া সম্পন্ন কৰিবলৈ অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ে সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰিছে৷

আজিৰ দিনটোত উক্ত পাঁচ সমষ্টিত প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা ৩১ প্রার্থীৰ ভাগ্য নির্ণয় কৰিব মুঠ ৭,৯৬,৪৫৩জন ভোটাৰে৷ পাঁচটা সমষ্টিৰ ১,১৭৬টা কেন্দ্রত হ’বলগীয়া ভোটগ্রহণৰ বাবে নিয়োজিত কৰা হৈছে ৫,৪১০জন বিষয়াক৷ ইতিমধ্যে কেতবোৰ ভোটগ্রহণ কেন্দ্রলৈ আজিয়েই বিষয়াৰ দল ৰাওনা হৈছে৷ নির্বাচন আয়োগে সর্বাধিক গুৰুত্ব আৰোপ কৰিছে ভোটগ্রহণ কেন্দ্রসমূহত ক’ভিড বিধি বলৱৎ আৰু শান্তি অটুট ৰখাৰ ক্ষেত্রত৷ অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা প্রকাশ কৰা অনুসৰি প্রতিটো ভোটগ্রহণ কেন্দ্রতে ক’ভিড প্রট’কল মানি চলাৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে৷ ভোটাৰসকলৰ মাজত নির্দিষ্ট দূৰত্ব বজাই ৰখাৰ ব্যৱস্থাৰ উপৰি মাস্ক, ছেনিটাইজাৰ আদি সুৰক্ষামূলক ব্যৱস্থাসমূহ উপলব্ধ থাকিব৷ সেইদৰে শান্তি তথা সুৰক্ষাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি প্রতিটো ভোটগ্রহণ কেন্দ্র স্থাপন কৰা স্থানত চি আৰ পি এফৰ জোৱান মোতায়েন কৰা হৈছে৷

উল্লেখ্য যে গোসাঁইগাঁৱত ২৮৫টা, ভৱানীপুৰত ২১৩টা, তামুলপুৰত ৩২২টা, মৰিয়নিত ১৮৩টা আৰু থাওৰা সমষ্টিত ১৭৩টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰিছে নির্বাচন আয়োগে৷ ইয়াৰে ৯৮৯টা মূল ভোটগ্রহণ কেন্দ্র হোৱাৰ বিপৰীতে ১৮৭টা সহযোগী৷ আনহাতে, কাইলৈ উপ–নির্বাচনৰ ভোটগ্রহণ হ’বলগীয়া পাঁচটা সমষ্টি মিলি গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব ৭,৯৬,৪৫৬জন ভোটাৰে৷ ইয়াৰে ৪,০৩,৩৭৪জন পুৰুষ আৰু ৩,৯৩,০৭৮গৰাকী মহিলা৷ ৪গৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে৷ সেইদৰে গোসাঁইগাঁৱত ৮জন, ভৱানীপুৰত ৮জন, তামুলপুৰত ৬জন, মৰিয়নিত ৪জন আৰু থাওৰা সমষ্টিৰ ৫জন প্রার্থীয়ে অৱতীর্ণ হৈছে প্রতিদ্বন্দ্বিতাত৷
ৰাইজৰ দলে থাওৰা অথবা মৰিয়নি সমষ্টিত মদ আৰু নগদ ধন বিলাইছেঃ মন্ত্রী পীয়ূষ হাজৰিকা
উপ–নির্বাচনৰ ভোটগ্রহণৰ প্রাকমুহূর্তত থাওৰা সমষ্টিত ৰাইজৰ দলৰ এজন সমর্থকক মদ আৰু নগদ ধনসহ আটক কৰাৰ অভিযোগ অস্বীকাৰ কৰি বিধায়ক অখিল গগৈয়ে ব্যক্তিজন ৰাইজৰ দলৰ নহয় বুলি দাবী কৰাৰ পাছত মন্ত্রী পীয়ূষ হাজৰিকাই আজি এইক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰিছে৷ সংবাদ মাধ্যমৰ আগত মন্ত্রী হাজৰিকাই কয়– আমাৰ হাতত থকা তথ্য অনুসৰি মদ আৰু নগদ ধনসহ আটক হোৱা সন্তোষ মৰাণ নামৰ ব্যক্তিজন কৃষক মুক্তিৰ ছাত্র সংগঠন ছাত্র মুক্তি সংগ্রাম সমিতিৰ কার্যকৰী সভাপতি মানস কোঁৱৰৰ গাডীচালক৷ অখিল গগৈয়ে যিমানেই স্পষ্টীকৰণ নিদিয়ক কিয়, মদ আৰু টকাৰ সৈতে ছাত্র মুক্তি সংগ্রাম সমিতিৰ কার্যকৰী সভাপতিৰ গাডীচালকজন ধৰা পৰা ঘটনাটোৱে দিনৰ পোহৰৰ দৰে এই কথা প্রমাণ কৰে যে ৰাইজৰ দলে থাওৰা অথবা মৰিয়নি সমষ্টিত মদ আৰু নগদ ধন বিলাইছে৷ ৰাইজৰ দলৰ এনে কার্যৰ পাছতো কিন্তু জনসাধাৰণে বহু ভোটৰ ব্যৱধানত বিজেপি প্রার্থীকহে জিকাব৷ উপ–নির্বাচনত বিজেপি আৰু ইয়াৰ মিত্রদলৰ প্রার্থী পাঁচোটা সমষ্টিতে জয়ী হ’ব৷ আনহাতে, অখিল গগৈয়ে বিজেপিয়ে উপ–নির্বাচনত ৫০ কোটি টকা খৰচ কৰা বুলি কৰা অভিযোগ সন্দর্ভত সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে এটা উপ–নির্বাচনত ৫০ কোটি টকা খৰচ কৰা কথাটো কোনোমতে মানি ল’ব নোৱাৰি৷ আৰু যদি কোনোবাই খৰচ কৰাৰ ধৃষ্টতা দেখুৱায়, সেয়া সমষ্টিবাসীৰ বাবে অসন্মানৰ কথা৷ থাওৰা সমষ্টিৰ মানুহ ৫০ কোটি টকাত বিক্রী যোৱাবিধৰ নহয়৷ এনে কথা কৈ অখিল গগৈয়ে থাওৰা সমষ্টিৰ মানুহক বাৰে বাৰে অপমান কৰিছে৷

Featured