আজি ১১ আগষ্ট : জানক দিনটোৰ ৰাশিফল

শাওণ মাহৰ ২৬ তাৰিখ
দেওবাৰঃ তিথি–শুক্লা সপ্তমী, নক্ষত্রঃ স্বাতী, যাত্রাঃ শুভ

মেষঃ ঘৰুৱাত অস্থিৰতা কিছু পাতলিব৷ নতুন কোনো সংযোগত আহুকাল৷ শৰীৰ মধ্যম৷ আর্থিকত আবেদনকাৰীৰ সুযোগ৷ ১০ শুভ সংখ্যা, হালধীয়া শুভ ৰং৷

বৃষঃ পুৱা দহ বজাৰ পৰা শুভ কর্মাদিত আগ নবঢ়াই ভাল৷ আর্থিকত মজলীয়া ফল পাব৷ মাতৃৰ শৰীৰ বৰ ভালেৰে নাযাব৷ দাম্পত্যত মধ্যম৷ বগা শুভ ৰং, ২ শুভ সংখ্যা৷

মিথুনঃ গধুৰ পৰিৱেশ যেন অনুভৱ হ’ব৷ সন্তানৰ বাবে চিন্তা থাকিব৷ ভ্রমণত সমস্যা থাকিব৷ দাম্পত্যত মধ্যম৷ বিদ্যাত শুভ৷ ধনত ভাল৷ নীলা শুভ ৰং, ৫ শুভ সংখ্যা৷

কর্কটঃ ভ্রমণৰ ইচ্ছা কৰিলে সুযোগ পাব৷ মামলা–মোকর্দমাত জয়ী হোৱাৰ সম্ভাৱনা৷ নাৰীৰ শুভ দিন৷ বিদ্যাত যত্ন কৰক৷ হালধীয়া শুভ ৰং, ২ শুভ সংখ্যা৷

সিংহঃ অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা৷ আর্থিকত মধ্যম ফল পাব৷ বিদ্যাত সফলতা পাব৷ প্রেমত আৱেগিকতা বর্জনীয়৷ ৰঙা শুভ ৰং, ৩ শুভ সংখ্যা৷

কন্যাঃ শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই৷ চাকৰিয়ালৰ কর্মক্ষেত্রত সমস্যা আহিব পাৰে৷ বন্ধুবর্গৰ পৰা প্রতাৰিত হ’ব পাৰে৷ সেউজীয়া শুভ ৰং, ৫ শুভ সংখ্যা৷

তুলাঃ আর্থিক দিশত খৰচ বৃদ্ধি পাব যদিও ব্যৱসায়ত আয়ৰ মাত্র বৃদ্ধি পাব৷ বিদ্যাত পাৰিপার্শ্বিক বাধা থাকিব৷ ঘৰুৱা মজলীয়া, ৮ শুভ সংখ্যা, বগা শুভ ৰং৷

বৃশ্চিকঃ কিছু পৰিমাণে মনটো ফৰকাল থাকিব৷ কর্মক্ষেত্রত দক্ষতাৰে আগুৱাব পাৰিব৷ বিদ্যাত মধ্যম৷ আর্থিকত মজলীয়া অগ্রগতি৷ সোণালী শুভ ৰং, ১ শুভ সংখ্যা৷

ধনুঃ নাৰীৰ বাবে দিনটো শুভ৷ মাটি–বাৰীৰ সম্পর্কে সু–সংবাদ লাভ কৰিব৷ বিদ্যাত শুভ৷ ভ্রমণ কৰিব পাৰে৷ ঘৰুৱা শুভ৷ প্রেমত বাধা৷ বগা শুভ ৰং, ৪ শুভ সংখ্যা৷

মকৰঃ ব্যৱসায়–বাণিজ্যত মজলীয়া ফল পাব৷ সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব৷ শৰীৰৰ প্রতি অৱজ্ঞা নকৰিব৷ গেৰুৱা শুভ ৰং, ৫ শুভ সংখ্যা৷

কুম্ভঃ কামত উৎসাহ পাব৷ ঘৰুৱা দিশতো সহানুভূতি থাকিব৷ বিদ্যার্থীৰ বাবে দিনটো বেয়া নহ’ব৷ প্রেম–প্রণয়ত শুভ৷ ভনীৰ বিবাহৰ যোগ৷ নীলা শুভ ৰং, ৮ শুভ সংখ্যা৷

মীনঃ কোনো সংবাদত মিশ্রিত প্রতিক্রিয়া হ’ব পাৰে৷ বিদ্যাতো ভালে নাযাব৷ দাম্পত্যত ভবা মতে সুখী নহ’ব৷ শৰীৰ মধ্যম৷ ৰঙা শুভ ৰং, ১ শুভ সংখ্যা৷

Featured