আজি ৩১ আগষ্ট  : জানক দিনটোৰ ৰাশিফল

ভাদ মাহৰ ১৪ তাৰিখ
শনিবাৰ ঃ তিথি–কৃষ্ণ ত্রয়োদশী, নক্ষত্র ঃ পুষ্যা, যাত্রা ঃ শুভ

মেষঃ বন্ধু–বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ বিদ্যাৰ চেষ্টাত সুফল৷

বৃষঃ উন্নত পৰিৱেশ অনুভৱ৷ বিদ্যাত চিন্তিত দেখা যায়৷ কর্মস্থানত শুভ৷ আর্থিকত মধ্যম৷

মিথুনঃ কিছু আহুকালৰ মাজেদি সদা প্রয়োজনীয় কর্ম সম্পাদিত হ’ব৷ শৰীৰ ভালে নাযাব পাৰে৷ যোগাযোগত আশানুৰূপ ফল পোৱাত কষ্ট পাব৷

কর্কটঃ ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ–শান্তি দেখা যায়৷ দাম্পত্যতো তেনে আভাস আছে৷ শৰীৰ মধ্যম৷ বন্ধু–বান্ধৱৰ সংবাদত সুখ৷

সিংহঃ পাৰিবাৰিক কাৰণত মনটো ভালে নাথাকিব৷ শৰীৰ পূর্বৰ তুলনাত শুভ৷ পিতৃ–মাতৃৰ বাবে সামান্য চিন্তা৷ দাম্পত্যত কিছু চিন্তা থাকিব৷

কন্যাঃ উৎকণ্ঠাৰ দিন হ’লেও আপুনি দৃঢ়তা ৰাখক৷ আনৰ ওপৰত নির্ভৰ কৰি বৰ সন্তুষ্ট নহ’ব৷ বিদ্যার্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক৷ প্রেমত আনন্দ৷

তুলাঃ কর্মত তৎপৰতা থাকিব৷ কিন্তু শৰীৰ ভালেৰে নাযাব পাৰে৷ পঢ়া–শুনাতো বেয়া নহ’ব৷ প্রেম–প্রীতিত উচিত কথাত বাধা৷ বিয়াৰ সংকেত৷

বৃশ্চিকঃ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ কর্মক্ষেত্রত আকস্মিক কোনো বাধা সূচিত হ’ব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত সুফল আশা কৰিব পাৰে৷ প্রেমত আৱেগ৷

ধনুঃ জ্ঞাতি–কুটুম্বৰ বাবে কোনোবাৰ মনত সন্দেহ হ’ব পাৰে৷ বন্ধুৰ সহায়৷ প্রেম–প্রীতি চলোৱাসকলে বিবাহৰ কথা ভাবিব পাৰে৷ ঘৰুৱা মধ্যম৷

মকৰঃ আজি বহুক্ষেত্রত মজলীয়া ফল আশা কৰিব পাৰে৷ বিদ্যাতো তদানুৰূপ৷ আর্থিকত যোগাযোগ কৰিলে উপকৃত হ’ব পাৰে৷ বিদ্যাতো কম যদিও ব্যস্ততা থাকিব৷

কুম্ভঃ শৰীৰ আৰু পৰিৱেশত খুব এটা ভাল প্রভাৱ নাই৷ দুশ্চিন্তা থাকিব৷ কিন্তু সামগ্রিক ফলত কষ্ট নাপাব৷ দায়িত্বপূর্ণ কামত সক্রিয় সহযোগ হয়তো দিব নোৱাৰিব৷ বিদ্যাত উৎসাহ৷

মীনঃ আগবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব পাৰে৷ অৱশ্যে পিছবেলা তাৰ কিছু ওলোটা ফল দেখিব৷ প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে থাকক৷ শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব৷

Featured