আজি ৫ জুলাই : জানক আজিৰ দিনটোৰ ৰাশিফল

আহাৰ মাহৰ ২০ তাৰিখ
শুকুৰবাৰঃ তিথি– অমাৱস্যা, নক্ষত্রঃ আর্দ্রা, যাত্রাঃ নাই

মেষঃ মাটি–বাৰী, ধন লাভৰ যোগ৷ সুবন্ধুক লগ পাব৷ শাৰীৰিক বিষ–বেদনা বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫৷

বৃষঃ ঘৰ–দুৱাৰৰ উন্নতিৰ চিন্তা৷ দাম্পত্যত বিশৃংখল৷ ৰহস্যমূলক কামত মনোযোগ বৃদ্ধি৷ ভ্রমণত মধ্যম৷ মেৰুণ শুভ ৰং, শুভ সংখ্যা ৯৷

মিথুনঃ কর্মস্থানত উন্নতি৷ শত্রু বৃদ্ধি হ’ব৷ শৰীৰৰ উন্নতি হ’ব৷ ব্যয় বৃদ্ধি৷ আপোনাৰ কথাই আনক কষ্ট দিব পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

কর্কটঃ সামাজিক স্থিতিৰ উন্নতি৷ লগ–বন্ধুৰ পৰা হানি হ’ব পাৰে৷ নিজক ব্যস্ত কৰি ৰাখক৷ নীলা ৰং শুভ, শুভ সংখ্যা ৪৷

সিংহঃ বন্ধুৰ সংখ্যা বৃদ্ধি পাব৷ ব্যৱসায়ত মন স্থিৰ কৰি ৰাখক৷ সোঁচৰা ব্যাধিয়ে আমনি কৰিব৷ কর্মত উন্নতি৷ গোলাপী শুভ ৰং, শুভ সংখ্যা ১৷

কন্যাঃ ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে বলিষ্ঠ পদক্ষেপ পাব৷ মিলিজুলি কাম কৰিলে অধিক লাভৱান হ’ব৷ ভ্রমণত মধ্যম৷ নীলা শুভ ৰং, শুভ সংখ্যা ৭৷

তুলাঃ ছিঙা বা ফটা বস্ত্র পৰিধান নকৰিব৷ মানসিক শক্তিত উন্নত স্থান পাব৷ গণেশক পূজা কৰক৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

বৃশ্চিকঃ কর্মত উন্নতিৰ যোগ৷ দূৰণি সংবাদে আনন্দ দিব৷ কিছুমান ক্ষেত্রত নীৰৱতা অৱলম্বন কৰিব৷ বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৬৷

ধনুঃ সততাত আনে আঘাত কৰিব পাৰে৷ কর্মস্থানত নতুন উদ্যমেৰে কাম কৰিবলৈ উৎসাহ পাব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷

মকৰঃ নতুন কর্মত তৎপৰতা বাঢ়িব৷ গোপনীয় কার্যত তথ্য সংগ্রহত কৃতকার্য হ’ব৷ শত্রুৰ ষড়যন্ত্র ব্যর্থ হ’ব৷ গুলপীয়া শুভ ৰং, শুভ সংখ্যা ৫৷

কুম্ভঃ নতুন কর্মসংস্থাপনৰ যোগ৷ মূৰৰ বিষত কষ্ট পাব পাৰে৷ বিশ্বাসযোগ্যতা বৃদ্ধি পাব৷ শুভ ৰং বাদামী, শুভ সংখ্যা ৩৷

মীনঃ ৰাজনৈতিক ক্ষেত্রত অলপ জটিল সমস্যাৰ সন্মুখীন হ’ব৷ কর্মস্থানত ব্যস্ততা বাঢ়িব৷ পুৰণি কথাই মনত কষ্ট দিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷

Featured