আজি কাতি বিহু

ক’ৰোনা–মূল্যবৃদ্ধিত কোঙা অসমীয়া

নিয়মীয়া বাৰ্তা ১৮ অক্টোবৰঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ, আকাশলংঘী মূল্যবৃদ্ধি আদি এশ এবুৰি সমস্যাই কোঙা কৰা অসমীয়াই আজি উদ্যাপন কৰিব কাতি বিহু৷ তিনিটা বিহুৰ কাতি বিহুক কোৱা হয় কঙালী বিহু৷ বাস্তৱতেই যেন এইবাৰৰ কাতি বিহু অসমবাসীৰ বাবে কঙালী বিহুৱেই হৈছে৷ ক’ৰোনা ভাইৰাছৰ ভয়ংকৰ সংক্রমণে জীৱন–জীৱিকাক সংকটৰ গৰাহলৈ ঠেলি দিয়াৰ মাজতে বজাৰত প্রতিনিয়ত বৃদ্ধি পাব ধৰিছে প্রতিবিধ সামগ্রীৰ মূল্য৷ পেট্র’ল–ডিজেলৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰলৈকে, আলু–পিঁয়াজৰ পৰা চাউল–দাইল–মিঠাতেল সকলোৰে জুই–ছাই দাম৷ গ্রাম্য চহা জীৱনৰ অংগাংগী কাতি বিহুত সেউজ ধাননি পথাৰত আকাশবন্তি জ্বলাই কৃষক জনতাই শস্যভূমিৰ শ্রীবৃদ্ধি কামনা কৰাৰ লগতে তুলসীৰ তলত বন্তি প্রজ্বলনেৰে মংগল প্রার্থনা কৰে৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰু মূল্যবৃদ্ধিৰ মাধমাৰৰ সমান্তৰালভাৱে এইবাৰ প্রকৃতিও যেন অসমৰ কৃষক ৰাইজৰ অনুকূলে নাছিল৷

বৰষুণৰ মাত্রা সাংঘাতিক ধৰণে হ্রাস পোৱাৰ ফলত ৰাজ্যৰ ভিন্ন প্রান্তত বহু কৃষকে কৃষিকর্মই কৰিব নোৱাৰিলে৷ চলিত বর্ষত অসমত বৰষুণৰ মাত্রা ২২ শতাংশ হ্রাস পাইছে৷ বৰষুণৰ ওপৰত নির্ভৰশীল কৃষকসকলে ইয়াৰ ফলত কি দুর্যোগৰ সন্মুখীন হৈছে, সেয়া সহজেই অনুমেয়৷ তাৰ পাছতো প্রত্যেকেই মন বান্ধিছে কাতি বিহু উদ্যাপনৰ বাবে৷ অন্ততঃ আগ চোতালৰ তুলসীজোপাৰ তলত এগছি বন্তি জ্বলাই হ’লেও সকলোৱে পৰিত্রাণ বিচাৰিব দুর্যোগৰ পৰা৷ ইফাল কাতি বিহুৰ প্রাক্ক্ষণত যোৰহাট জিলাৰ বৰমুকলিৰ ২,০২২ বিঘা মাটিত কৃষকে বিগত ৪০ বছৰৰো অধিক কাল কৃষিকর্ম কৰিব নোৱাৰাৰ এক কৰুণ ঘটনা পোহৰলৈ আহিছে৷ পথাৰখনৰ কৃষকসকলে নিজৰ মাটিৰ বাবদ চৰকাৰক খাজনা আদায় দি আহিছে যদিও শস্য উৎপাদন কৰিব পৰা নাই৷

ইয়াৰ মূলতে বানপানী, আবদ্ধ হোৱা পানী আৰু বন্যহস্তীৰ তাণ্ডৱ৷ যোৰহাট জিলাৰ হাতীগড় আৰু চাওখাত মৌজাৰ চাৰিখনকৈ ৰাজহ গাঁও ক্রমে বৰপাইক, বাঢ়ৈপাম, বালিচাপৰি আৰু বৰখাতৰ সুবৃহৎ পথাৰখন শস্যে–মৎস্যে ৬০ৰ দশকত উভৈনদী আছিল৷ কিন্তু ব্রহ্মপুত্রৰ প্রলয়ংকৰী বানপানীৰ পৰা যোৰহাট নগৰক সুৰক্ষা দিয়াৰ নামত সুপৰিকল্পনা নকৰাকৈ ৰংদৈ–নিমাতী, জাঁজীমুখ–নিমাতী আৰু মেলেং মথাউৰি নির্মাণ কৰাত কৃষিভূমিত আবদ্ধ পানী ওলাই যাব নোৱাৰা হ’ল৷ আবদ্ধ পানী ওলাই যোৱাৰ বাবে শ্লুইজ গেট নির্মাণ কৰিলেও সেয়া বিজ্ঞানসন্মত নহ’ল৷ যাৰ পৰিপ্রেক্ষিততে বিগত ৪০ বছৰৰো অধিক কাল বৃহৎ পথাৰখনত কৃষিকর্ম কৰাৰ পৰা কৃষক ৰাইজ বঞ্চিত হ’বলগীয়া হৈছে৷
ৰাজ্যপাল–মুখ্যমন্ত্ৰীৰ শুভেচ্ছা
কাতি বিহু উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমবাসীক বিশেষকৈ কৃষক সমাজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷ এক বিবৃতিত ৰাজ্যপাল অধ্যাপক মুখীয়ে কয় যে অসমৰ অর্থনীতি কৃষি নির্ভৰশীল আৰু গৰিষ্ঠসংখ্যক লোকেই কৃষিকর্মৰ লগত জড়িত৷ সেয়েহে কাতি বিহু উদ্যাপনত যথেষ্ট গুৰুত্ব আছে৷ ইফালে এক বিবৃতিত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কাতি বিহুৰ পৱিত্র চাকিৰ পোহৰে অসূয়া, অশান্তি আঁতৰাই সমাজক আলোকৰ পথেৰে অগ্রসৰ হ’বলৈ প্রেৰণা যোগায়৷ কৃষিভিত্তিক এই উৎসৱ পালনৰ জৰিয়তে অসমৰ শস্য শ্যামলা পথাৰসমূহ সোণগুটিৰে উপচি পৰি ৰাজ্যখনৰ কৃষক সমাজক কর্মৰ পথাৰত আৰু অধিক উদ্যমেৰে আগবাঢ়ি যাবলৈ অনুপ্রাণিত কৰিব৷ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়েও ৰাজ্যবাসীক কাতি বিহু উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷

Featured