আজি ২৬ মে’ : জানক দিনটোৰ ৰাশিফল

জেঠ মাহৰ ১২ তাৰিখ
দেওবাৰঃ তিথি– কৃষ্ণা তৃতীয়া, নক্ষত্রঃ মূলা, যাত্রাঃ শুভ

মেষঃ কর্ম আৰু ইচ্ছাশক্তি বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ নিবনুৱাই কর্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে৷ দাম্পত্যত শুভ৷ বিদ্যাত কিছু খেলিমেলি৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷

বৃষঃ ব্যৱসায়ীসকলে আশা কৰা মতে লাভৱান হ’ব৷ শত্রুৰ পৰা দূৰত থাকক৷ ব্যয় বৃদ্ধি৷ দাম্পত্যত মধ্যম৷ বিদ্যাত শুভ৷ ভ্রমণৰ যোগ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷

মিথুনঃ শৰীৰৰ প্রতি যত্ন লওক৷ নিজৰ কর্মদক্ষতাৰ ওপৰত পদোন্নতিৰ যোগ৷ ভ্রমণত মধ্যম৷ পৰিয়ালৰ পৰা উৎসাহিত হ’ব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷

কর্কটঃ কোনো আত্মীয়ৰ পৰা সু–সংবাদ পাব পাৰে৷ প্রভাৱশালী ব্যক্তিৰ সংগই উৎসাহিত কৰিব৷ আর্থিক সংকটৰ সন্মুখীন হ’ব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷

সিংহঃ আর্থিকত নতুন সুযোগৰ আশা৷ বন্ধুৰ পৰা উৎসাহিত হ’ব৷ পুৰণা ৰোগৰ পৰা মুক্ত হ’ব৷ কর্মত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷

কন্যাঃ দূৰ ভ্রমণ কৰিব পাৰিব৷ কর্মস্থানত ব্যস্ততা বাঢ়িব৷ শত্রুৰ পৰা সাৱধান হওক৷ ঘৰুৱা শুভ৷ বিদ্যাত মধ্যম৷ শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৪৷

তুলাঃ যোগ্য ব্যক্তিৰ মান–সন্মান বৃদ্ধি৷ ৰাজহুৱা কর্মত ব্যস্ততা বাঢ়িব৷ কর্মস্থানত কিছু খেলিমেলি হ’ব পাৰে৷ আর্থিকত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩৷

বৃশ্চিকঃ কর্মস্থানত ভাল৷ পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ আর্থিক ব্যয়৷ মনত কোনো দুশ্চিন্তা নাৰাখিব৷ মুগা ৰং শুভ, শুভ সংখ্যা ৮৷

ধনুঃ সৎ আৰু গুণী লোকৰ সান্নিধ্যই অধিক উৎসাহিত কৰিব৷ কর্মক্ষেত্রত শুভ৷ মামলা–মোকর্দমাত জয়লাভ৷ খং কমিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷

মকৰঃ ধনৰ আগমন হ’ব৷ শত্রুৰ পৰা ভয়৷ খাদ্যত সাৱধান হওক৷ কর্মত মধ্যম৷ প্রেমত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷

কুম্ভঃ আপোনাৰ সৰলতাত আনে আঘাত কৰিব পাৰে৷ খং–ক্ষোভ দমন কৰক৷ কর্মস্থানত কিছু জটিলতাৰ সন্মুখীন হ’ব পাৰে৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৭৷

মীনঃ গুৰুত্বপূর্ণ কাম থাকিলে পুৱাৰ ভাগত সম্পন্ন কৰক৷ ভ্রমণ কৰোঁতে সাৱধান৷ মাটি–সম্পত্তি ক্রয় কৰিব পাৰিব৷ বিদ্যাত শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷

Featured