আজি ১০ ছেপ্টেম্বৰ : জানক দিনটোৰ ৰাশিফল

ভাদ মাহৰ ২৪ তাৰিখ
মঙলবাৰঃ তিথি–শুক্লা সপ্তমী, নক্ষত্রঃ অনুৰাধা, যাত্রাঃ শুভ

মেষঃ ব্যৱসায়ত শুভ যদিও সৰু–সুৰা কথাত মতান্তৰ ঘটিব পাৰে৷ পাৰিবাৰিক শুভ বুলিব পাৰি৷ পঢ়া–শুনাত শুভ৷ প্রেমত সফলতা৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷

বৃষঃ কর্মক্ষেত্রত নতুন যোগাযোগ ঘটিব পাৰে৷ সৰু–সুৰা অসুখে বিব্রত কৰিব৷ ব্যৱসায়ত সফলতা প্রবল৷ প্রেমৰ প্রস্তাৱ আহিব পাৰে৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ১৷

মিথুনঃ আর্থিকত চিন্তাৰ কাৰণ নাই৷ ব্যৱসায়–বাণিজ্যত পাব লগা ধন পোৱাৰ সম্ভাৱনা৷ পাৰিবাৰিক অশান্তি দূৰ হ’ব৷ সন্তানৰ উন্নতিয়ে মনত আনন্দ দিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৪৷

কর্কটঃ মনৰ অস্থিৰতাৰ বাবে কর্মত বাধাগ্রস্ত হ’ব পাৰে৷ আর্থিক ক্ষেত্রত যথেষ্ট শুভ যদিও অনাহকত অর্থ হানি হ’ব পাৰে৷ প্রেম–প্রীতিত শুভ দেখা যায়৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷

সিংহঃ আজি পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে৷ ব্যৱসায়ত সফলতা ভবা মতে নাপাব৷ ঘৰুৱাত উন্নত পৰিৱেশ গঢ়িব৷ বিদ্যাত বেয়া নহ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷

কন্যাঃ কর্মক্ষেত্রত উন্নত ফল৷ দৃঢ়তা বৃদ্ধি পাব৷ কোনো সংবাদ বা সংযোগত চিন্তিত হ’লেও প্রতিকূল বুলি ক’ব নোৱাৰি৷ আর্থিকত বেয়া নহয়৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷

তুলাঃ আজিৰ দিনটো উন্নত৷ শৰীৰ সম্পর্কে অৱশ্যে সাধাৰণ চিন্তা থাকিব৷ দাম্পত্যত মধ্যম৷ কর্মব্যস্ততা বৃদ্ধি৷ ভ্রমণ হ’ব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷

বৃশ্চিকঃ আর্থিক সম্পর্কীয় দিশত বৰ নিশ্চিত নহয়৷ আনহাতে, বিশেষ দুর্ভাবনাৰো যোগ নাই৷ ভ্রমণত শুভ ফল৷ প্রেমত প্রতাৰিত হ’ব পাৰে৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৬৷

ধনুঃ বন্ধুবর্গ লগ পাব পাৰে বা তেনে যোগাযোগৰ আশা আছে৷ সন্তান সম্পর্কে থকা চিন্তাও পাতলিব৷ কন্যা সন্তানৰ সুকীর্তি দেখা যায়৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷

মকৰঃ অনাৱশ্যক সমস্যাৰ মাজত পৰিবও পাৰে৷ গতিকে পূর্বৰ পৰাই তেনে বিষয়ৰ পৰা সতর্ক হওক৷ কর্মতৎপৰ হোৱাৰ যত্ন কৰক৷ দাম্পত্যত মধ্যম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷

কুম্ভঃ আর্থিক আৰু শাৰীৰিক এই দুয়োটাই আপোনাৰ কিছু সহায়ক হ’ব৷ কোনোৱে বিপদৰ পৰা উদ্ধাৰ হোৱাৰ বাবে মনোবলেই যথেষ্ট৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

মীনঃ শৰীৰৰ উন্নতি হ’ব৷ মনোবলো বাঢ়িব৷ কিন্তু মাত্রাধিকলৈ নোযোৱাই ভাল৷ কর্মক্ষমতাৰ বাবে আনে প্রশংসা কৰিব৷ ভ্রমণত বিশেষ বাধা নাই৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৮৷

Featured