সম্পাদকীয় : সূর্য যান আদিত্য–এল ১

ভাৰতৰ বহুপ্রত্যাশিত প্রথম সূর্য অভিযান আদিত্য–এল ১৷ ২৩ আগষ্ট, ২০২৩ত ইতিহাস সৃষ্টিৰে চন্দ্রৰ দক্ষিণ মেৰু বিজয়ৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে সূর্যলৈ অভিযান আৰম্ভ কৰিব৷ ইতিমধ্যে ইছৰোৱে অহা ২ ছেপ্টেম্বৰত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্রৰ পৰা দিনৰ ১১.৫০ বজাত সূর্যগামী আদিত্য–এল ১ উৎক্ষেপণ কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ চন্দ্রৰ দক্ষিণ মেৰুত চন্দ্রযান–৩ সফলতাৰে অৱতৰণ কৰোৱাৰ পিছত বিশ্বৰ মহাকাশ অভিযানত ভাৰতৰ ইছৰোৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হোৱাৰ লগতে মহাকাশ বিজ্ঞানত নতুন গতি প্রদান কৰিছে৷ এনে সময়ছোৱাতে সূর্যৰ বিস্তৃত গৱেষণাৰ বাবে আদিত্য–এল ১ উৎক্ষেপণ কৰাৰ বাতৰিয়ে বিশ্বজুৰি ব্যাপক চর্চা লাভ কৰিছে৷ ইছৰোৱে সূর্যৰ বায়ুমণ্ডল প্রধানতঃ সূর্যৰ ক’ৰোনাৰ অধ্যয়নৰ বাবে আদিত্য–এল ১ প্রেৰণ কৰিব যদিও সূর্যক লৈ অনেক গৱেষণাও কৰা হ’ব৷ সূর্য–পৃথিৱী পদ্ধতিৰ মাজত লাগ্রেঞ্জ পইণ্ট ১ত আদিত্য–এল ১ অৱস্থান কৰাব৷ সূর্যৰ পাঁচটা পইণ্টৰ ভিতৰত অন্যতম সূর্য–পৃথিৱী এল ১লৈ লক্ষ্য কৰি ইছৰোৱে আদিত্য–এল ১ প্রেৰণ কৰিব৷ উৎক্ষেপণৰ পিছত পৃথিৱীৰ ১০৯ দিনৰ অন্তত আদিত্য–এল ১–এ নির্ধাৰিত হেলো কক্ষপথত স্থিতি ল’ব৷ এই হেলো কক্ষপথ হৈছে পৃথিৱীৰ পৰা প্রায় ডেৰ লাখ কিলোমিটাৰ৷ আদিত্য–এল ১ যানখনৰ ওজন হৈছে ১৫০০ কিলোগ্রাম৷ সাতটা পেলোডৰে আদিত্য–এল ১–এ হেলো কক্ষপথত অৱস্থিতি লৈ সূর্যৰ ক’ৰোনা অর্থাৎ সূর্যৰ বায়ুমণ্ডলৰ বহিঃভাগৰ ওপৰত অধ্যয়ন কৰিব৷ ক’ৰোনাৰ উত্তাপ, সৌৰ বতাহ, ক’ৰোনাৰ চুম্বকীয় শক্তি, সূর্যৰ ৰশ্মি আদিক লৈ গৱেষণা চলাব৷ আদিত্য অর্থাৎ ভাৰতৰ সূর্য অভিযানৰ বিষয়টোত ২০০৮ চনৰ জানুৱাৰী মাহত সিদ্ধান্ত লোৱা হৈছিল৷ উক্ত চনৰে পৰা বিভিন্ন প্রক্রিয়া অতিক্রম কৰি ২০১৯ চনৰ জুলাইত এই অভিযানৰ নাম আদিত্য–এল ১ কৰা হয়৷ এই অভিযানৰ অনুমোদিত ব্যয় ৩৭৮.৫৩ কোটি৷ অৱশ্যে ইয়াত উৎক্ষেপণৰ ব্যয় সন্নিৱিষ্ট কৰা হোৱা নাই৷ সূর্যৰ ৰহস্য উদঘাটনত ইছৰোৱে প্রেৰণ কৰা আদিত্য–এল ১ৰ সফলতাৰ ওপৰত নির্ভৰ কৰিব৷

চন্দ্রৰ বুকুত যান অৱতৰণ কৰোৱাই বিশ্বৰ চতুর্থ দেশত পৰিণত হোৱা ভাৰতে প্রথম সূর্য অভিযান আৰম্ভৰে আন এক ইতিহাস ৰচিবলৈ আগবাঢ়ি গৈ আছে৷ আমেৰিকা যুক্তৰাষ্ট্র, ছোভিয়েট ইউনিয়ন আৰু চীনৰ পিছত চন্দ্রৰ বুকুত যান অৱতৰণ কৰোৱা চতুর্থখন দেশ ভাৰত৷ অৱশ্যে চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণ কৰোৱা প্রথমখন দেশ হৈছে ভাৰত৷ এই ইতিহাস গঢ়াৰ পিছত ইছৰোৱে সূর্যলৈ অভিযান ঘোষণা কৰিছে৷ চন্দ্রযান–৩ৰ সমান্তৰালকৈ আদিত্য–এল ১ৰ অভিযানৰ প্রস্তুতি চলাই আহিছে৷ চন্দ্রযান–৩ৰ সফলতাৰ পিছতেই ২ ছেপ্ঢেম্বৰত ইতিহাস গঢ়াৰ লক্ষ্যৰে আদিত্য–এল ১ উৎক্ষেপণ কৰিব৷ তাৎপর্যপূর্ণ যে সূর্যলৈ যান প্রেৰণ কৰা প্রক্রিয়া ১৯৬০ চনৰ পৰাই আৰম্ভ হোৱাৰ ইতিহাস আছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থা চমুকৈ নাছাই পায়’নিয়াৰ–৫ মহাকাশযান সূর্যলৈ প্রেৰণ কৰি এই বাট মুকলি কৰাৰ পিছত পৰৱর্তী পর্যায়ত নাছাই বহুতো যান প্রেৰণ কৰি আহিছে৷ নাছাৰ সৈতে ইউৰোপীয় মহাকাশ সংস্থা, জাপান আৰু চীনে সূর্যলৈ যান প্রেৰণ কৰাৰ উদাহৰণ আছে৷ ভাৰতে সূর্যলৈ যান প্রেৰণ কৰাৰ মুহূর্তত নাছাৰ যান এখনে সূর্য অভিযান চলাই আছে৷ নাছাৰ যানখনে ইতিমধ্যে সূর্যৰ কক্ষপথৰ বহু দূৰলৈ সোমাই যাবলৈ সক্ষম হৈছে৷ নাছাৰ লক্ষ্য সূর্যৰ ৬৯ লাখ কিলোমিটাৰ দূৰত্বলৈ প্রৱেশ কৰা৷ ইতিমধ্যে নাছাৰ যানখনে পূর্বৰ সকলো অভিলেখ ভংগ কৰি সূর্যৰ সমীপলৈ গৈ আছে৷ এনে সময়তে ভাৰতৰ আদিত্য–এল ১ সূর্যলৈ প্রেৰণ কৰাৰ প্রস্তুতি সম্পূর্ণ হৈ উঠিছে আৰু দিনো ঘোষণা কৰা হৈছে৷ সূর্যৰ ৰহস্য উদ্ঘাটন তথা সূর্যৰ বিস্তৃত অধ্যয়নৰ বাবে ইছৰোৰ আদিত্য–এল ১ পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰত্বৰ হেলো কক্ষপথত অৱস্থান কৰি অধ্যয়ন চলাব৷ চন্দ্রযান–৩ৰ বিক্রম লেণ্ডাৰৰ ৪ পেলোড আৰু ৰ’ভাৰ প্রজ্ঞানে চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠৰ পৰা পৃথিৱীবাসীৰ অজানা–নেক তথ্য সংগ্রহ কৰাটো নিশ্চিত৷ আদিত্য–এল ১ৰ সাতটা পেলোডেই সূর্যৰ বায়ুমণ্ডলৰ বাহিৰৰ পৰিৱেশ–পৰিস্থিতিৰ ওপৰত অধ্যয়ন চলাব৷ চন্দ্রৰ পিছত ভাৰতৰ সূর্য অভিযান বিশ্বৰ মহাকাশ অভিযানত জড়িত দেশসমূহৰ মাজত চর্চাৰ বিষয়৷

Featured