আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৯ তাৰিখ
বুধবাৰঃ তিথি–কৃষ্ণা সপ্তমী, নক্ষত্রঃ কৃত্তিকা, যাত্রাঃ শুভ

মেষঃ আর্থিক দিশত সচ্ছলতা আহিব৷ ব্যৱসায়তো শুভ ফল আশা কৰিব পাৰে৷ প্রেমত শুভ৷ বিদ্যার্থীৰ শুভ৷

বৃষঃ উদ্যোগৰ পৰা আয় বৃদ্ধি হ’ব৷ কিন্তু আশা কৰা মতে ধন সঞ্চয় কৰিব নোৱাৰিব৷ কর্মক্ষেত্রত উন্নতিৰ যোগ৷

মিথুনঃ উচ্চ শিক্ষাত নানা বাধাৰ সন্মুখীন হ’ব৷ শাৰীৰিক ক্ষেত্রত শুভ ফল আশা কৰিব নোৱাৰে৷ প্রেমত অশুভ৷

কর্কটঃ বিবাহৰ যোগাযোগত শুভ৷ দাম্পত্য জীৱন সুখকৰ হ’ব৷ সন্তানৰ যশ–কীর্তিয়ে আনন্দ দিব৷ প্রেম–প্রীতিত আশাপ্রদ ফল পাব৷

সিংহঃ চাকৰিৰ ক্ষেত্রত উন্নতিৰ অযথা পলম আৰু বাধা আহিব৷ ব্যৱসায়ত শুভ যদিও কোনো লোকৰ পৰা ক্ষতি হ’ব পাৰে৷ প্রেমত বাধা৷

কন্যাঃ পাৰিবাৰিক দিশত কাৰোবাক দায়িত্বপূর্ণ কাম দিয়াৰ পূর্বে সাৱধান হ’ব৷ মাহটোত হাতলৈ অর্থ আহিলেও ব্যয়ৰ বাট মুকলি থাকিব৷ বিদ্যার্থীৰ বাবে অশুভ দিনটোত৷

তুলাঃ নিবনুৱা ব্যক্তিৰ কর্ম লাভৰ যোগ আছে৷ আইনজ্ঞসকলৰ অশুভ৷ স্থাৱৰ সম্পত্তি লাভৰ যোগ৷ বিবাহৰ ক্ষেত্রত নতুন যোগাযোগ হ’ব৷

বৃশ্চিকঃ বিবাহ প্রার্থীৰ বাবে শুভ৷ ভ্রমণত সাৱধান হ’ব৷ প্রেমৰ ক্ষেত্রত বাধাসমূহ দূৰ হ’ব৷ প্রতি শুকুৰবাৰে দেৱী সন্তোষীৰ পূজা–অর্চনা কৰিব৷

ধনুঃ আয়ৰ ক্ষেত্রত বিশেষ শুভ ফল লাভ কৰিব৷ উপার্জন বৃদ্ধি পাব৷ ব্যৱসায়ৰ ক্ষেত্রত তলতীয়া লোকৰ পৰা সাৱধান৷ প্রেমত অশুভ৷

মকৰঃ কর্মক্ষেত্রত শুভ ফল লাভৰ সম্ভাৱনা আছে৷ স্থান পৰিৱর্তন৷ পদোন্নতি, যশ বৃদ্ধিৰ কাৰক৷ বিদ্যার্থীৰ পক্ষে শুভ মাহ৷

কুম্ভঃ প্রেম–বিবাহৰ ক্ষেত্রত বাধাসমূহ দূৰ হোৱাৰ সম্ভাৱনা আছে৷ পাৰিবাৰিক দিশত পিতৃ–মাতৃৰ অশুভ৷ প্রেমত হতাশা আনিব৷ দাম্পত্যত সুখ৷

মীনঃ বৈষয়িক উন্নতি হোৱাৰ কাৰকতা আছে৷ পুৰণা সংগ লাভ কৰিব৷ প্রেমত শুভ৷ বিদ্যার্থীৰ অশুভ৷

Featured