আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৩ তাৰিখ
দেওবাৰ : তিথি–কৃষ্ণা একাদশী, নক্ষত্র : পুনর্বসু, যাত্রা : নাই

মেষ : এই ৰাশিৰ ঠিকাদাৰ, শিক্ষক, আইনজ্ঞ আৰু চিকিৎসক সকলোৱে এই দিনটোত শুভ ফল পাব৷ বিদ্যার্থীৰ কাৰণে দিনটো শুভ৷
বৃষ : সামাজিক কর্মত জড়িত থকা ব্যক্তিসকলে কর্মক্ষেত্রত সুনাম অর্জন কৰিব৷ ব্যৱসায়ত সিমান ভাল ফল নাপাব৷ শুভ ৰং নীলা, সংখ্যা ২৷
মিথুন : সময়ত কার্য সম্পন্ন নোহোৱাৰ বাবে বা অর্থনৈতিক ক্ষেত্রত অভাৱৰ বাবে ক্রোধৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ শুভ ৰং বগা, সংখ্যা ৩৷
কর্কট : আপোনাৰ কর্মক্ষেত্রত বাধা থকাৰ ফলত অর্থনৈতিক ক্ষেত্রত মিশ্রিত ফল আশা কৰিব পাৰে৷ প্রেমত শুভ ফল পাব৷ চাকৰিৰ ক্ষেত্রত আগবাঢ়িব পাৰে৷ শুভ ফল পাব৷
সিংহ : আজিৰ দিনটোত নতুন কোনো কাজ–কর্ম বা নতুন অর্থ বিনিয়োগত হাত নিদিয়া ভাল হ’ব৷ বিদ্যাত শুভ৷ প্রেমত হতাশা৷ শুভ ৰং কফী, সংখ্যা ১৷
কন্যা : আপোনাৰ দিনটো কর্মক্ষেত্রত অনুকূল থাকিলেও পাৰিবাৰিক অশান্তিৰ কাৰণে কর্মত বাধা আহিব পাৰে৷ চাকৰিৰ ক্ষেত্রত নতুন ঠাই পৰিৱর্তন আহিব৷ শুভ ৰং গুলপীয়া, সংখ্যা ৬৷
তুলা : এই ৰাশিৰ জাতক–জাতিকাৰ বাবে দিনটো সিমান শুভ নহয়৷ গৃহ বিবাদ, আর্থিক নাটনি, কর্মত উদাসীনতা, শত্রু বৃদ্ধি আদি হ’ব পাৰে৷ প্রেমত বিফল৷ শুভ ৰং হালধীয়া, সংখ্যা ৭৷
বৃশ্চিক : আপোনাৰ আজি গুৰুত্বপূর্ণ কোনো কামৰ দায়িত্ব পোৱাৰ ফলত কর্মৰ প্রতি উৎসাহ বৃদ্ধি পাব৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা, সংখ্যা ৭৷
ধনু : আজি নতুন কোনো কাজ–কর্ম বা নতুন অর্থ বিনিয়োগত হাত নিদিয়া ভাল হ’ব৷ ঘৰত অতিথিৰ আগমন৷ শুভ ৰং ৰঙা, সংখ্যা ২৷
মকৰ : আজি দিনটো নতুন ভাৱে উৎসাহ বৃদ্ধি পাব৷ ব্যৱসায়ত সিমান ভাল ফল নাপাব পাৰে৷ বিদ্যার্থীৰ কাৰণে ভাল৷ শুভ ৰং ৰঙা, সংখ্যা ৬৷
কুম্ভ : দিনৰ মাজভাগত কর্মক্ষেত্রত পৰিৱর্তনৰ যোগ দেখা যায়৷ পৰিৱেশ অনুকূল থাকিলেও অযথা মানসিক চিন্তা থাকিব৷ শুভ ৰং আকাশী নীলা৷ সংখ্যা ৮৷
মীন : মীন ৰাশিৰ জাতক–জাতিকাই আজি পুৱাই উঠি গোসাঁই ঘৰত ধূপ–ধূনা–চাকি জ্বলাই বাহিৰত ওলাব৷ বন্ধুৰ পৰা সাৱধান হ’ব৷ বিদ্যার্থীসকলৰ বাবেও ভাল দিন৷ শুভ ৰং সেউজীয়া বা বগা, শুভ সংখ্যা ২৷

Featured