আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ অক্টোবৰ, আহিন মাহৰ ২২ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণা একাদশী, নক্ষত্র : অশ্লেষা, যাত্রা : শুভ

মেষ : ৰাতিপুৱা ভালেই যাব যদিও আবেলিৰ ভাগত কর্মক্ষেত্রত সহযোগীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে৷ ঘৰুৱাত উন্নতি৷ শুভ ৰং কমলা৷
বৃষ : দিনটো মজলীয়া হ’লেও সাৱধানেৰে পাৰ কৰক৷ লটাৰী প্রাপ্তিৰ যোগ দেখা যায়৷ প্রেম–প্রণয়ত বেছি আৱেগিক নহ’ব৷ শুভ ৰং নীলা৷
মিথুন : ভাবি–চিন্তি অচিনাকি মানুহৰ লগত কথা কওক, নহ’লে বিপদত পৰিব পাৰে৷ সন্তানৰ শৰীৰ ভালে নাযাব৷ ঘৰুৱাত মধ্যম ফল আশা কৰিব পাৰে৷ শুভ ৰং আকাশী৷
কর্কট : কর্মৰ ওপৰত বিশ্বাস ৰাখক, দিনটো ভালেৰে পাৰ হ’ব৷ মামলা–মোকর্দমাত জয়লাভ৷ ব্যৱসায়ীসকলৰ নতুন পথ খুলিব৷ বিদ্যার্থীৰ মনোবাঞ্ছা পূৰণ হ’ব৷ শুভ ৰং বগা৷
সিংহ : আর্থিক উন্নতিত বাধা৷ গতানুগতিক কামত বেছি বাধা নাই৷ ভ্রমণত দ্রব্য লাভ৷ বিবাহৰ ক্ষেত্রত থকা বাধা আঁতৰি যাব৷ শুভ ৰং বগা৷
কন্যা : ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ৷ পত্নীৰ সহযোগিতা লাভ কৰিব৷ প্রতিষ্ঠিত ব্যৱসায়ীৰ বাবে দিনটো শুভ৷ ঘৰুৱাত অশান্তিৰ সৃষ্টি৷ শুভ ৰং নীলা৷
তুলা : নতুন কোনো সৎ লোকৰ লগত সাক্ষাৎ৷ কর্মাদিত শৃংখলা অটুট থাকিব৷ নিজৰ শৰীৰৰ প্রতি যত্ন লওক৷ বিদ্যার্থীয়ে মজলীয়া ফল লাভ কৰিব৷ শুভ ৰং সেউজীয়া৷
বৃশ্চিক : চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়৷ বন্ধুৰ পৰা সহানুভূতি লাভ৷ ঘৰুৱাত মোটামুটি শুভ৷ প্রেম– প্রণয়ত সামাজিক অপবাদ৷ শুভ ৰং বগা৷
ধনু : আর্থিক দিশত আয়তকৈ ব্যয় বৃদ্ধি পাব৷ অলাগতিয়াল কথাত কাণ নিদিয়াই ভাল৷ ঘৰুৱাত সন্দেহ ভাব ঘনীভূত হ’ব পাৰে৷ শুভ ৰং ক’লা৷
মকৰ : দুপৰীয়াৰ সময়ত আঘাত পাব পাৰে৷ ঘৰত আলহীৰ সমাগম৷ দাম্পত্যত মনোমত পৰিৱেশ আশা কৰিব পাৰে৷ শুভ ৰং ৰঙা৷
কুম্ভ : মনৰ স্থিৰতা বজাই ৰখা দৰকাৰ৷ শৰীৰ ভালেই যাব৷ নিবনুৱাসকলে চাকৰি বিচাৰি পাব৷ বিদ্যার্থীৰ কাৰণে দিনটো অনুকূল৷ শুভ ৰং গুলপীয়া৷
মীন : ব্যৱসায়ত মধ্যম ফল আশা কৰিব পাৰি৷ বৈবাহিক জীৱনত বাধা থাকিব৷ দৈহিক ক্ষেত্রত শুভ৷ বিদেশ যাত্রাৰ সম্ভাৱনা৷ শুভ ৰং বগা৷

Featured