আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ ডিচেম্বৰ, আঘোণ মাহৰ ২১ তাৰিখ
শুকুৰবাৰ : তিথি– কৃষ্ণা একাদশী, নক্ষত্র : হস্তা  যাত্রা : শুভ

মেষ : যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব৷ কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে৷ ঘৰুৱাত বাধা কম৷ হঠাৎ ব্যস্ততা বৃদ্ধি৷ শুভ ৰং বগা শুভ সংখ্যা ১৷
বৃষ : কর্মস্থানত নিজৰ দায়িত্ব পালন কৰক৷ দার্শনিক চিন্তাই কিছু উদ্বুদ্ধ কৰিব৷ দাম্পত্যত শুভ ফল৷ ব্যৱসায়ত টকা খটুৱালে লাভৰ কাৰকতা৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
মিথুন : আর্থিক লেনদেনত গুৰুজনাৰ পৰামর্শ লোৱা বাঞ্ছনীয়৷ অভিনেতা–অভিনেত্রীসকলৰ কার্যদক্ষতা হ্রাস পাব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫৷
কর্কট : নিবনুৱা ব্যক্তিসকলৰ কর্মপ্রাপ্তিৰ যোগ ৷ ভাবি থকা কামত বাধাৰ কাৰকতা৷ পতি–পত্নীৰ যৌথ প্রচেষ্টা সফল হোৱাৰ কাৰকতা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷
সিংহ : অভিনৱ পৰিকল্পনাৰ সুদক্ষ ৰূপায়ণ আৰু মান–সন্মান বৃদ্ধি৷ কর্ম আৰু ধর্মত সমভাৱে আসক্ত হ’ব পাৰে৷ দাম্পত্য সম্পর্ক শুভ৷ ধনাভাৱ যথাযথ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
কন্যা : কর্মত অগ্রিম পদোন্নতি৷ মনোবল বৃদ্ধি আৰু উদ্যোগ প্রতিষ্ঠাৰ চেষ্টা৷ পুত্র বা কন্যাৰ পৰা ক্ষয়–ক্ষতিৰ আশংকা৷ সম্ভাব্য স্থলত অপত্য লাভ৷ শুভ ৰং ক’লা শুভ সংখ্যা ৪৷
তুলা : প্রয়োজনীয় আৰু অপ্রয়োজনীয় কথাত মন গধুৰ হৈ থাকিব৷ কিন্তু সামগ্রিকভাৱে সমগ্র দিনটোত অনুকূল প্রভাৱ থাকিব৷ বুদ্ধিৰো উন্নত ফল৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷
বৃশ্চিক : শৰীৰ ভালেই যাব৷ পাৰিবাৰিক ক্ষেত্রত সু–সংবাদ লাভৰ কাৰক৷ কোনো বিষয়তে ভাব প্রৱণতা বা ৰুক্ষতা বর্জন কৰাই উচিত৷ ভ্রমণত মধ্যম৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬৷
ধনু : উন্নত সংযোগ৷ ভ্রমণত সাধাৰণ ব্যাঘাত৷ আর্থিকত যিমান আশা কৰিব তাৰ কিয়দংশহে মৃদু পূৰণৰ আশা৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৮৷
মকৰ : পাৰিপার্শ্বিকৰ পৰা কিছু অশান্তি বা কর্মক্ষতি আদিৰ সম্ভাৱনা আছে৷ নিজৰ অজান্তে কোনো প্রগতিশীল কর্মত ক্ষতিগ্রস্ত হ’ব পাৰে৷ শুভ ৰং ক’লা শুভ সংখ্যা ১৷
কুম্ভ : মনটো ধীৰে ধীৰে ভালৰ পিনে আহিব৷ ব্যৱসায়ত চিন্তাৰ কাৰণ নাই৷ কর্মস্থান শুভ বুলি ক’ব পাৰি৷ অর্থভাগ্যৰ সুযোগ৷ দাম্পত্য জীৱন মধুৰ হ’ব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
মীন : অবাস্তৱ কথাৰ মাজত কষ্ট পাব৷ যোগাযোগত সুফল কম পাব৷ খৰচ–পাতি বর্জন কৰক৷ উপর্যুপৰি দায়িত্বৰ কাৰক৷ প্রেমত শুভ সংযোগ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷

Featured