আজিৰ দিনটোৰ ৰাশিফল

আজি ১৩ জানুৱাৰী, পুহ মাহৰ ২৭ তাৰিখ
শনিবাৰ : তিথি– শুক্লা দ্বিতীয়া, নক্ষত্র : শ্রৱনা, যাত্রা : নাই

মেষ : কর্মক্ষেত্রত আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ৷ অংশীদাৰী ব্যৱসায়ত ব্যস্ততা বৃদ্ধি পাব৷ বিদ্যাত জটিলতা৷ প্রেমত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ১৷
বৃষ : কর্মত স্থায়ী সিদ্ধান্ত ল’ব পাৰিব৷ নিবনুৱাৰ কর্ম লাভৰ যোগ৷ ব্যৱসায়ত পৰিকল্পিত অগ্রসৰত কিছু বাধা৷ বিদ্যাত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
মিথুন : গৱেষণামূলক কাম–কাজত প্রতিভাৰ বিকাশ ঘটিব৷ সন্তানৰ কর্ম তৎপৰতাই আপোনাক আনন্দিত কৰিব৷ নতুন প্রতিষ্ঠিত ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত দিনটো শুভ৷ প্রেমত আনন্দ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷
কর্কট : ভাই–ভনীৰ পৰা সমাদৰ পাব৷ দিনটোত ধনৰ কষ্ট পাব পাৰে৷ প্রেমত সতর্ক হওক৷ পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব৷ বিদ্যাত বাধা৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮৷
সিংহ : উচ্চপদস্থ কর্মচাৰীৰ বাবে অনুকূল সময়৷ আর্থিক দিশত আয় বৃদ্ধিৰ লগতে সঞ্চয় বৃদ্ধি পাব৷ প্রতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
কন্যা : আয় বৃদ্ধিৰ যোগ৷ বিদ্যাৰ ক্ষেত্রত যশ বৃদ্ধিৰ কাৰক৷ সৰু–সুৰা ৰোগত দেহত কষ্ট পাব৷ প্রেমত মধ্যম৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷
তুলা : চাকৰিত পদোন্নতিৰ সম্ভাৱনা৷ নতুন কোনো উদ্যোগ বা ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত বিনিয়োগ কৰিব পাৰে৷ প্রেমত প্রতাৰিত হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
বৃশ্চিক : কর্মস্থানত আর্থিক উন্নতিৰ আশা কৰিব পাৰি৷ আর্থিক উন্নতিত গুৰুস্থানীয় ব্যক্তিৰ সহায় পাব৷ চাকৰিয়ালৰ শুভ৷ প্রেমত বিবাহৰ যোগাযোগ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷
ধনু : আর্থিকত বিশেষ অসুবিধা দেখা নাযায়৷ প্রাপ্য ধন আদায় কৰিব পাৰে৷ কর্মত সাফল্য আৰু মর্যাদা বৃদ্ধি পাব৷ প্রেমত উৎসাহ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪৷
মকৰ : স্বাস্থ্যৰ ক্ষেত্রত সামান্য দুশ্চিন্তা৷ কর্মক্ষেত্রত অধিক ব্যস্ততা বাঢ়িব৷ পাৰিবাৰিক দিশত অশান্তি৷ বিদ্যাত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷
কুম্ভ : কর্মক্ষেত্রত কিছু অগ্রগতি তথা পদোন্নতি৷ ব্যৱসায়ত হঠাৎ লাভ বৃদ্ধিৰ কাৰকতা৷ আকস্মিক দুর্যোগ–দুর্ঘটনাৰ দ্বাৰা অমংগল সূচিত হ’ব পাৰে৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৭৷
মীন : নতুন কর্মপ্রেৰণা পাব৷ যৌথ ব্যৱসায়ত আর্থিক লেনদেনৰ ক্ষেত্রত শুভ প্রভাৱ পৰিব৷ স্বামী–স্ত্রীৰ মাজত ভুল বুজাবুজি হ’ব পাৰে৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৯৷

Featured