আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ ফেব্রুৱাৰী, মাঘ মাহৰ ২৪ তাৰিখ
বৃহস্পতিবাৰ : কৃষ্ণা ত্রয়োদশী, নক্ষত্র : উত্তৰষাঢ়া, যাত্রা : শুভ

মেষ : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ৷ দেহ ভাল বুলি ক’ব পাৰি৷ হেৰোৱা সম্পদ পুনঃপ্রাপ্তি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷
বৃষ : বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভে আনন্দৰ কাৰকতা৷ পত্নীৰ লগত মত বিৰোধ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪৷
মিথুন : অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে৷ কর্মসূত্রে ভ্রমণৰ যোগ৷ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব৷ মনত হতাশা৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
কর্কট : পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগম৷ বিদ্যাত শুভ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৭৷
সিংহ : কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণত মনটো গধুৰ হ’ব পাৰে৷ শৰীৰ মধ্যম৷ প্রেমত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৫৷
কন্যা : ৰাজহুৱা কামত জড়িতসকলে সহানুভূতি লাভ কৰিব৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ দাম্পত্যত মতানৈক্য৷ বিদ্যাত জটিলতা৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩৷
তুলা : কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব৷ আর্থিকত ভালেই দেখা যায়৷ বিদ্যাত শুভ ফল৷ প্রেমত বুজাবুজি৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
বৃশ্চিক : জ্যেষ্ঠজনক অৱজ্ঞাৰ পৰা বিৰত থাকক৷ আর্থিকত অসুবিধা পাব পাৰে৷ ফুৰা–চকাত সতর্ক হ’ব৷ বিদ্যাত বিশৃংখল৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷
ধনু : ব্যৱসায়ত লাভৰ কাৰকতা৷ সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ দাম্পত্যত শুভ ফল৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷
মকৰ : চাকৰিয়ালসকলৰ বাবে দিনটো শুভ৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ প্রেমত বাধা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷
কুম্ভ : পুৰণি মামলা–মোকর্দমা নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ প্রেমত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ১৷
মীন : আর্থিক উন্নতি ৷ যোগাযোগ আদিত আশাপূর্ণ অগ্রগতি৷ মানসিক অৱস্থা বিশেষ ভালে নাযাব পাৰে৷ প্রেমত শুভ ফল৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷

Featured