আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ মে’, ব’হাগ মাহৰ ২৩ তাৰিখ
সোমবাৰ : তিথি– কৃষ্ণা ত্রয়োদশী, নক্ষত্র : ৰেৱতী, যাত্রা : শুভ

মেষ : গৱেষকসকলে কর্মত নতুন উৎসাহ পাব৷ কোনো সংবাদত মন ঠিক নাথাকিব পাৰে৷ কর্মস্থানত সহকর্মীৰ কামৰ ওপৰত গুৰুত্ব দিয়ক৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷

বৃষ : ধন প্রাপ্তিৰ সম্ভাৱনা আছে৷ আনৰ কথাত মন বেয়া নকৰি স্বকর্মত মন দিয়ক৷ ব্যৱসায়ীসকল লেনদেনত বাধাপ্রাপ্ত হ’ব৷ শৰীৰৰ প্রতি নজৰ দিয়ক৷ শুভ ৰং হালধীয়া৷

মিথুন : সামগ্রিকভাৱে দিনটো ভালেৰেই পাৰ হ’ব৷ কর্মক্ষেত্রত নিজৰ উদ্দেশ্য সাধনৰ চেষ্টা কৰক৷ নিবনুৱাৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি৷ শুভ ৰং নীলা৷

কর্কট : আনৰ ওপৰত নির্ভৰ নকৰিব, হোৱা কামখিনি নহ’বও পাৰে৷ নতুনকৈ কোনো কামৰ সন্ধান পাব৷ ঘৰুৱা দায়িত্ব পালনত অর্থ ব্যয় হ’ব পাৰে৷ শুভ ৰং মেৰুন৷

সিংহ : নানা আহুকালৰ মাজেদি দিনটো পাৰ হ’ব বাবে সাৱধানে থাকক৷ কর্মস্থানত নতুন দায়িত্ব পৰিব৷ দাম্পত্যত জেদভাব ত্যাগ কৰক৷ ভ্রমণৰ বাবে যো–জা৷ শুভ ৰং ক’লা৷

কন্যা : আর্থিকত খৰচ বৃদ্ধি পালেও সি প্রয়োজনীয় কাৰণত হ’ব পাৰে৷ ক্ষেত্রবিশেষে অর্থ লাভৰ আশাও কৰিব পাৰে৷ পাৰিপার্শ্বিকত বিশেষ কোনো বাধা নাপাব৷ মাতৃৰ শৰীৰ ভালেই থাকিব৷ শুভ ৰং বেঙুনীয়া৷

তুলা : দিনটো আপোনাৰ মোটামুটি ভালেই যাব৷ আর্থিকত প্রাপ্য ধন পোৱাৰ আশা কৰিব পাৰে৷ ব্যৱসায়ত আইনগত বাধা আহিব৷ ভ্রমণত দ্রব্য লাভৰ কাৰকতা৷ শুভ ৰং গুলপীয়া৷

বৃশ্চিক : সামূহিক দৃষ্টিত খুব উন্নত দেখা নাযায়৷ বিদ্যাত অনুকূল৷ সন্তানৰ সু-সংবাদ পাব৷ ঘৰুৱাত বেছি একো নাই৷ ব্যৱসায়ীসকলৰ আর্থিক সমস্যা সমাধান হ’ব৷ শুভ ৰং কমলা৷

ধনু : যোগ্যতাসম্পন্ন ব্যক্তিয়ে নিজৰ প্রায়বোৰ কর্মতে সুচল অনুভৱ কৰিব পাৰে৷ ভাই–ভনীৰ পৰা আনন্দ পাব৷ আর্থিকত বিশেষ বাধা নাপাব৷ দাম্পত্যত চিন্তা৷ শুভ ৰং ৰঙা৷

মকৰ : মান–সন্মানৰ ক্ষেত্রত উৎসাহ পাব৷ পূর্বৰ তুলনাত মনৰ কঠোৰতা হ্রাস পাব৷ নতুন কর্ম সন্ধানৰ সম্ভাৱনা৷ বিদ্যাত শুভ, হঠাৎ আনন্দৰ কাৰক৷ শুভ ৰং মটিয়া৷

কুম্ভ : আজি সামান্য উন্নত হ’লেও দুই–এটা বেদনাদায়ক কথাই মন গধুৰ কৰিব পাৰে৷ সতর্ক থাকিলে বহুতো হ্রাস পাব৷ ঘৰুৱা পৰিৱেশ মজলীয়া৷ শুভ ৰং সেউজীয়া৷

মীন : অস্থিৰতা বর্জন কৰাৰ চেষ্টা কৰক৷ যান–বাহনৰ পৰা সাৱধান, আকস্মিক আঘাতপ্রাপ্তিৰ সম্ভাৱনা৷ ব্যৱসায়ীসকলে সফলতা পাব৷ শুভ ৰং হালধীয়া৷

Featured