আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ মে’, ব’হাগ মাহৰ ২৬ তাৰিখ
বৃহস্পতিবাৰ : তিথি– শুক্লা প্রতিপদ, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই

মেষ : সকলো দিশতে উদাৰতা আৰু সংযম ৰক্ষা পৰিব৷ হনুমানক পূজা কৰক৷ পানীৰ পৰা সাৱধান৷ ভ্রমণত শুভ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৫৷

বৃষ : আর্থিক লাভ বৃদ্ধি৷ ধৈর্য, সাহসী আৰু মেধাৱী দিশ প্রকাশ পাব৷ কর্মসংস্থাপনৰ বাট মুকলি৷ গেৰুৱা শুভ ৰং৷ শুভ সংখ্যা ২৷

মিথুন : কর্মস্থানত শুভ৷ খৰচ বৃদ্ধি৷ প্রেমত শুভ৷ মনৰ অস্থিৰতা বৃদ্ধি৷ ঘৰুৱা চিন্তা বৃদ্ধি পাব৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৬৷

কর্কট : ধৈর্যৰ সুফল পাব৷ কোনো আত্মীয়ৰ সু–সংবাদ পাব৷ প্রভাৱশালী ব্যক্তিৰ সান্নিধ্যত উপকৃত হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷

সিংহ : আর্থিকত নতুন সুযোগৰ আশা৷ শৰীৰৰ প্রতি যত্ন লওক৷ গণেশক মিঠাই দি পূজা কৰিব৷ বন্ধুৰ পৰা উপকৃত হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷

কন্যা : দূৰ ভ্রমণৰ যোগ৷ সু–সংবাদ লাভ কৰিব৷ কর্মস্থানত মধ্যম৷ বাঞ্ছিত কামত অগ্রগতি বৃদ্ধি৷ সেউজীয়া শুভ ৰং৷ শুভ সংখ্যা ৮৷

তুলা : শাৰীৰিক উন্নতি৷ যোগ্য ব্যক্তিৰ মান–সন্মান বৃদ্ধি৷ ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি৷ কর্মক্ষেত্রত মধ্যম৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷

বৃশ্চিক : কর্মস্থানত শুভ৷ পাৰিবাৰিক কিছু সমস্যা থাকিব৷ বিদ্যাত মধ্যম৷ আর্থিক দিশত ব্যয় বৃদ্ধি৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৩৷

ধনু : ব্যৱসায়ীসকলৰ শুভ৷ পাৰিবাৰিক দুর্ভাবনা থাকিব পাৰে৷ আজি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ ভ্রমণত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

মকৰ : মানসিক বা অযথা চিন্তাই মনৰ অশান্তি বৃদ্ধি কৰিব৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি৷ ব্যৱসায়–বাণিজ্যত মধ্যম৷ বেঙুনীয়া শুভ ৰং৷ শুভ সংখ্যা ৯৷

কুম্ভ : হঠাৎ অর্থ লাভ কৰিব পাৰে৷ বন্ধুৰ পৰা উৎসাহ পাব৷ দাম্পত্যত বুজাবুজিৰ অভাৱ৷ প্রেমত শুভ৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ৪৷

মীন : ব্যৱসায়ত শুভ৷ ঘৰুৱা কাম–কাজৰ লগতে নতুন চিন্তাত সুফল পাব৷ প্রেমত শুভ৷ শৰীৰৰ প্রতি যত্ন লওক৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷

Featured