আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ মে’, জেঠ মাহৰ ১৬ তাৰিখ

বৃহস্পতিবাৰ : তিথি– কৃষ্ণা সপ্তমী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই

মেষ : সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ ব্যৱসায়ী কোনো লোকক বিশ্বাসঘাতকতা কৰিব পাৰে৷ প্রেমত শুভ ফল৷ নীলা শুভ ৰং৷ ২ শুভ সংখ্যা৷

বৃষ : স্বাধীন ব্যৱসায়েৰে সফলতা লাভ কৰিব৷ ভাতৃৰ সংগে মত–বিৰোধ দেখা যায়৷ বিবাহৰ যোগ৷ শুভ ৰং পাতল নীলা৷ ১ শুভ সংখ্যা৷

মিথুন : আর্থিক ক্ষেত্রত বন্ধুৰ সহায় লাভ কৰিব৷ কোনো আত্মীয়ৰ দুঃসংবাদত মনত চাপ সৃষ্টি হ’ব৷  শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷

কর্কট : ব্যৱসায়–বাণিজ্যত পৰিৱর্তনৰ যোগ বিদ্যমান৷ আয় অনুপাতে ব্যয় বৃদ্ধি৷ সেউজীয়া শুভ ৰং৷ ৩ শুভ সংখ্যা৷

সিংহ : নতুন কোনো কর্মত চুক্তিবদ্ধ হ’ব পাৰে৷ দাম্পত্যত মধ্যম ফল৷ ভ্রমণ নকৰাই ভাল৷ বিদ্যাত মধ্যম৷ বেঙুনীয়া শুভ ৰং৷ ৯ শুভ সংখ্যা৷

কন্যা : ব্যৱসায়ত জটিল কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ স্বাস্থ্যৰ ক্ষেত্রত ভাল৷ বিদ্যাত মনোযোগ দিয়া উচিত৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷

তুলা : অংশীদাৰী ব্যৱসায়ত লাভজনক৷ প্রেমত নতুন যোগাযোগ বা আনন্দ লাভ৷ বিদ্যাস্থানত শুভ৷ ৰঙা শুভ ৰং৷ ৬ শুভ সংখ্যা৷

বৃশ্চিক : দিনটো ব্যয়বহুল হ’ব পাৰে৷ অৱসৰপ্রাপ্ত চাকৰিজীৱীৰ কর্মলাভৰ কাৰকতা দেখা যায়৷ দাম্পত্যত বিৰোধ৷ প্রেমত শুভ৷ হালধীয়া শুভ ৰং৷ শুভ সংখ্যা ৭৷

ধনু : ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত নতুন যোগাযোগ৷ মাটি–বাৰীৰ পুৰণা সমস্যা সমাধান হোৱাৰ আশা আছে৷  বগা শুভ ৰং৷ ১ শুভ সংখ্যা৷

মকৰ : ব্যৱসায়ৰ ক্ষেত্রত আর্থিক সমস্যাত পৰিব পাৰে৷ কর্মক্ষেত্রত মানসিক অশান্তি বৃদ্ধি হোৱাৰ আশংকা৷ সন্তানৰ শুভ৷ ৰঙা শুভ ৰং৷ ৬ শুভ সংখ্যা৷

কুম্ভ : আর্থিক ক্ষেত্রত জটিলতা নাই৷ আয় বৃদ্ধিৰ কাৰকতা দেখা যায়৷ বিদ্যাস্থানত শুভ৷ স্বাস্থ্যত মধ্যম৷ প্রেমত মধ্যম৷ বগা শুভ ৰং৷ ৭ শুভ সংখ্যা৷

মীন : যান–বাহনৰ ব্যৱসায়ত লাভজনক হোৱাৰ যোগ৷ পাৰিবাৰিক শুভ৷ পঢ়া–শুনাত জটিলতা দূৰ হ’ব৷ ৰঙা শুভ ৰং৷ শুভ সংখ্যা ২৷

Featured