আজিৰ দিনটোৰ ৰাশিফল

আজি ৩ জুন, জেঠ মাহৰ ২০ তাৰিখ
সোমবাৰ : তিথি– কৃষ্ণা দ্বাদশী, নক্ষত্র : অশ্বিনী, যাত্রা : নাই

মেষ : কর্মক্ষেত্রত নানা সমস্যা হোৱাৰ সম্ভাৱনা৷ যাত্রা কৰোঁতে সতর্ক হোৱা উচিত৷ ক’লা ৰঙৰ বস্ত্র পুৱাৰ ভাগত পৰিধান কৰিলে শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷

বৃষ : ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত৷ পুৱা–গধূলি ভগৱানৰ নাম ল’ব৷ যাত্রাৰ বাবে দিনটো শুভ৷ নীলা ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৮৷

মিথুন : ব্যৱসায়ত লাভৱান হ’ব৷ প্রেমত ভুল বুজাবুজি হ’ব পাৰে৷ যাত্রা দুপৰীয়া ১২ বজাৰ পিছত কৰিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷

কর্কট : আয় অনুপাতে ব্যয় বৃদ্ধি পাব৷ কর্মত সফলতা লাভ কৰিব৷ পুৱাৰ ভাগত যাত্রা কৰিব৷ সেউজীয়া ৰং শুভ। বিদ্যাত শুভ৷ শুভ সংখ্যা ৬৷

সিংহ : সমাজত হেয় হ’ব পাৰে৷ আনৰ প্রতি হিংসাদ্বেষ আদিৰ পৰা বিৰত থাকিব৷ পৰাপক্ষত যাত্রা নকৰাই ভাল৷ শুভ ৰং পাতল গুলপীয়া, শুভ সংখ্যা ২৷

কন্যা : কর্মক্ষেত্রত জটিলতা কিছু হ্রাস পাব৷ দাম্পত্যত মধ্যম৷ ৰাজনীতিবিদসকলে বিশেষ সতর্ক হওক৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫৷

তুলা : প্রায়বোৰ কথাতে মন নিদিয়াই ভাল৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ দিনৰ শেষ ভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷

বৃশ্চিক : কর্মক্ষমসকলে অসুবিধাৰ মজেৰে অগ্রগতি লভিব৷ আশা কৰা মতে কোনো যোগাযোগত উপকৃত হ’ব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷

ধনু : খৰচ–পাতি ৰোধ কৰাৰ যত্ন কৰক৷ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ বিদ্যাত বেয়া নহ’ব৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷

মকৰ : ক্রমে দিনটো উন্নত অনুভৱ কৰিব৷ কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ চুটি ভ্রমণ হ’ব পাৰে৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷

কুম্ভ : পুৱাৰ ভাগতকৈ আবেলিৰ ভাগত উন্নত ফল লাভ কৰিব৷ কর্মস্থানত ভালেই দেখা যাব৷ বিদ্যাত কিছু আশাপ্রদ৷ শৰীৰ মধ্যম৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৭৷

মীন : কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব৷ বেংক কর্মীসকলে নিজৰ দক্ষতা দেখুৱাব পাৰিব৷ হাতলৈ ধন অহাৰ যোগ আছে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷

Featured