আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ জুন, আহাৰ মাহৰ ১৩ তাৰিখ
শুকুৰবাৰ : তিথি– কৃষ্ণা সপ্তমী, নক্ষত্র : পূর্বভাদ্রপদ পদ, যাত্রা : শুভ

মেষ : আর্থিক দিশত বাধাগ্রস্ত হ’ব৷ কোনো শুভ কথাত মন আনন্দিত হ’ব৷ কমলা ৰং ব্যৱহাৰ কৰিলে আপোনাৰ যাত্রা শুভ হ’ব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷

বৃষ : দিনটো উন্নত হ’ব৷ শিৱৰ মন্ত্র জপ কৰিব৷ পাতল ক্রীম ৰঙৰ বস্ত্র পৰিধান কৰিব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷

মিথুন : কোনো বিশেষ কামত সফল হ’ব৷ শৰীৰৰ প্রতি অৱহেলা নকৰিব৷ সন্ধিয়া ৬ বজাৰ পিছত যাত্রা নকৰিব৷ আপোনাৰ শুভ ৰং কমলা, শুভ সংখ্যা ৯৷

কর্কট : ব্যৱসায়–বাণিজ্যত উন্নতি৷ ৰঙা ৰঙৰ ফুলেৰে পূজা কৰিব আৰু ৰঙা সূতাৰে হাতত পাঁচ পাক দি মেৰিয়াই ল’ব৷ যাত্রা শুভ হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

সিংহ : সন্তানৰ ওপৰত সতর্কতাৰ প্রয়োজন৷ যাত্রা কৰিলে চাই–চিতি কৰিব৷ পাৰিবাৰিক অশান্তিত ভুগিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১৷

কন্যা : শিল্পীসকলে কর্মত সফলতা লাভ কৰিব৷ দিনৰ ১২ বজাৰ পিছত যাত্রা কৰিলে যাত্রা শুভ হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷

তুলা : সামাজিক কামত জড়িতসকলে উন্নত পৰিৱেশ পাব৷ দিনটোত এবাৰ বগা ৰঙৰ বস্ত্র পৰিধান কৰি মন্দিৰলৈ যাব৷ যাত্রা শুভ হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷

বৃশ্চিক : কোনো কামত সফলতা লাভ কৰিব৷ আজি আপুনি যাত্রা কৰিলে বেঙুনীয়া ৰঙৰ বস্ত্র পৰিধান কৰিব৷ যাত্রাৰ বাবে দিনটো শুভ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪৷

ধনু : ব্যৱসায়ত অনুকূল প্রভাৱ পৰিব৷ পাৰিবাৰিক ক্ষেত্রতো দিনটো শুভ৷ যাত্রাত মেৰুণ ৰং ব্যৱহাৰ কৰিব৷ বিদ্যাত শুভ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ২৷

মকৰ : কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে মতবিৰোধ৷ প্রেমত আনন্দ৷ পৰাপক্ষত যাত্রা নকৰাই ভাল৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷

কুম্ভ : বন্ধুবর্গৰ লগত সু–সম্পর্ক স্থাপন৷ ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা৷ ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

মীন : কর্মত কঠোৰ পৰিশ্রমৰ অন্তত লাভৰ মুখ দেখা পাব৷ যাত্রা কৰিলে পাতল হালধীয়া ৰঙৰ বস্ত্র পৰিধান কৰি ল’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷

Featured