আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ আগষ্ট, শাওণ মাহৰ ২৭ তাৰিখ
সোমবাৰ : তিথি–শুক্লা অষ্টমী, নক্ষত্র : স্বাতী, যাত্রা : নাই

মেষ : যিকোনো কামকে ভাবি–চিন্তি কৰক৷ ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনাৰ লগত আলোচনা কৰক৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷

বৃষ : অন্তৰংগ বন্ধু–বান্ধৱীৰ লগত আনন্দ৷ প্রেম–প্রীতিত খুব বেয়া নহ’ব৷ অর্থ লাভত উপকৃত হ’ব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷

মিথুন : সাধাৰণ খৰচ–পাতি অৱশ্যে বৃদ্ধি হোৱাৰ সম্ভাৱনা৷ বিদ্যাত সাধাৰণ উন্নতি৷ যোগ্যতাৰ পুৰস্কাৰ পাব৷ প্রেম–প্রীতিত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

কর্কট : কর্মক্ষেত্রত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক৷ খৰচ বৃদ্ধি পাব৷ সাধাৰণ শৰীৰৰ দুশ্চিন্তা৷ দাম্পত্যত মোটামুটি সুখৰ কাৰক৷ উদ্বিগ্ণতা সমাধানৰ উৎস৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ১৷

সিংহ : নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব৷ দিনটোত ব্যৱসায়ীসকলে লেনদেন কৰোঁতে সাৱধান হ’ব৷ আর্থিক দিশত ধন হানি হোৱাৰ যোগ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷

কন্যা : মজলীয়াভাৱে দিনটো পাৰ হ’ব৷ হঠাৎ কাৰোবাৰ লগত মতান্তৰ হ’ব পাৰে৷ বিদ্যাত মধ্যম৷ ভ্রমণাদিত আর্থিক হানিৰ যোগ৷ আলহীৰ আগমন৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷

তুলা : পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব৷ ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া৷ যাত্রাদিত বাধাপ্রাপ্ত হ’ব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷

বৃশ্চিক : ওলোটা ভাবে আপোনাক আমনি দিব৷ আনৰ কথাত বেছি প্রাধান্য নিদিব৷ বিদ্যাত শুভ৷ দাম্পত্যত বিৰোধ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১৷

ধনু : অকাৰণ বা কাৰণতেই হওক, কোনোবাৰ লগত মতবিৰোধ হোৱাৰ আশংকা৷ লেনদেনত সাৱধান থাকক৷ শৰীৰ ভালেই বুলিব পাৰি৷ ঘৰুৱা দিশত দুশ্চিন্তা নাই৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷

মকৰ : দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক৷ নতুন কোনো যোগাযোগত উৎসাহিত৷ শৰীৰত পুৰণি বেমাৰে আমনি কৰিব৷ বন্ধুবর্গৰ প্রতি সাৱধান৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

কুম্ভ : মজলীয়া হ’লেও উন্নত৷ দূৰ যোগাযোগত বাধাপ্রাপ্ত৷ পেটৰ অসুখৰ কাৰক৷ বিদ্যাত নিৰাশ নহ’ব৷ ব্যৱসায়ত ঋণৰ কাৰকতা৷ প্রেমত সাধাৰণ মতান্তৰ৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷

মীন : আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা৷ কর্মক্ষেত্রত সৰু–সুৰা বাধাৰ মাজেদি অগ্রসৰ হ’ব লাগিব৷ বিদ্যাত মধ্যম৷ প্রেমত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

Featured