আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৮ তাৰিখ
বুধবাৰ : তিথি–শুক্লা প্রতিপদ, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : শুভ

মেষ : ধর্মীয় অনুষ্ঠানৰ প্রতি ব্যস্ততা বাঢ়িব। মনৰ অস্থিৰতা বাঢ়িব৷ বিদ্যাত শুভ৷ নীলা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ২৷

বৃষ : পুৰণি সমস্যা সমাধান হ’ব৷ ধন আগমনৰ যোগ আছে৷ কর্মত শুভ৷ বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৫৷

মিথুন : ব্যৱসায়–বাণিজ্যত শুভ৷ সামাজিক কামত ব্যস্ততা বাঢ়িব৷ বিতর্কৰ পৰা দূৰত থাকক৷ স্বাস্থ্যৰ প্রতি যত্ন ল’ব৷ সেউজীয়া শুভ ৰং৷ শুভ সংখ্যা ৪৷

কর্কট : নতুন কর্মৰ সুযোগ পাব৷ সামাজিক কামৰ গুৰুত্ব বাঢ়িব৷ বিদ্যাত শুভ৷ প্রেম বা পাৰিবাৰিক অশান্তি হ’ব পাৰে৷ শুভ সংখ্যা ১৷ শুভ ৰং নীলা৷

সিংহ : কোনো সু–সংবাদ আহিব পাৰে৷ কর্মত শুভ৷ মনৰ শান্তি–সমৃদ্ধি বাঢ়িব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷

কন্যা : কর্মত শুভ৷ পুৱা তুলসীৰ তলত পানী ঢালিব৷ নতুন সংবাদে আনন্দিত কৰিব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৭৷

তুলা : শৰীৰৰ যত্ন ল’ব৷ ভাবি থকা কথা পূৰণ হ’ব৷ ব্যৱসায়ত শুভ৷ প্রেমত মধ্যম৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

বৃশ্চিক : কর্মক্ষেত্রত ভাল সুযোগ লাভ কৰিব৷ মনৰ চঞ্চলতা বাঢ়িব৷ অন্য লোকৰ প্রশংসা পাব৷ পুৰণি সমস্যা সমাধান হ’ব৷ হালধীয়া ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৩৷

ধনু : বন্ধুবর্গৰ পৰা লাভৱান হ’ব৷ আর্থিক যোগাযোগ বাঢ়িব৷ কর্মব্যস্ততা বাঢ়িব৷ বগা বস্ত্র পৰিধান কৰিব৷ শুভ সংখ্যা ৬৷

মকৰ : মানসিক চিন্তা বাঢ়িব যদিও দিনটো আনন্দৰে পাৰ হ’ব৷ ইতিবাচক চিন্তাই আনন্দিত কৰিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷

কুম্ভ : সমস্যা সমাধানৰ পথ মুকলি হ’ব৷ বন্ধুৰ সহায়–সহযোগিতা লাভে আনন্দ দিব৷ প্রেমত শুভ৷ সেউজীয়া ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৪৷

মীন : কর্মক্ষেত্রত নিজৰ স্থিতি বজাই ৰাখিব৷ দিনটো হতাশাৰ মাজেৰে পাৰ হ’ব যদিও নিজৰ চিন্তাৰ দ্বাৰা আনন্দিত হ’ব৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৯৷

Featured