আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৯ তাৰিখ
বৃহস্পতিবাৰ : তিথি–শুক্লা দ্বিতীয়া, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : শুভ

মেষ : আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়৷ শত্রুৰ পৰা সাৱধানে থাকক৷ সন্তানৰ বাবে চিন্তা বৃদ্ধি হ’ব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷

বৃষ : স্বাস্থ্যৰ অশান্তিৰ বাবে কর্মক্ষেত্রত সমস্যা আহিব পাৰে৷ দুখীয়া লোকক সহায় কৰি মন আনন্দিত হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷

মিথুন : বিদ্যার্থীসকলৰ বাবে দিনটো শুভ৷ ব্যৱসায়িক দিশত ভাল ফল দেখা যায়৷ কর্মৰ দিশৰ পৰা বাহিৰত যোৱাৰ সম্ভাৱনা৷ ৰঙা ৰং শুভ৷ শুভ সংখ্যা ২৷

কর্কট : বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ পাবলৈ থকা ধন ঘূৰাই পাব৷ নৃত্যশিল্পীৰ বাবে উন্নতিৰ যোগ দেখা যায়৷ শুভ ৰং মাটীয়া, শুভ সংখ্যা ৪৷

সিংহ : অচিনাকি ব্যক্তিৰে কোনোধৰণৰ কাম আৰম্ভ নকৰিব, বিপদ হ’ব৷ ব্যৱসায়িক দিশত শুভ ফল৷ শুভ ৰং ছাই, শুভ সংখ্যা ৬৷

কন্যা : মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰিব পাৰে৷ কর্মত খ্যাতি বৃদ্ধিৰ যোগ৷ ৰঙা শুভ ৰং৷ শুভ সংখ্যা ৩৷

তুলা : কর্মত মজলীয়া প্রভাৱ৷ নিজৰ উদ্দেশ্য সাধনত ব্রতী হওক৷ পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে৷ শুভ ৰং মাটীয়া, শুভ সংখ্যা ১৷

বৃশ্চিক : বন্ধু–বান্ধৱৰ লগত মন খুলি ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কিছু আহুকালৰ মাজেদি সদা প্রয়োজনীয় কর্ম সম্পাদিত হ’ব৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৮৷

ধনু : পৰাপক্ষত টকা–পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব৷ মা–দেউতাৰ প্রতি দায়িত্ব পালন নকৰাৰ বাবে সংসাৰত অশান্তিৰ সৃষ্টি হ’ব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭৷

মকৰ : অতিৰিক্ত ক্রোধৰ ফলত অশান্তিৰ সৃষ্টি হ’ব৷ উচ্চ শিক্ষাৰ ক্ষেত্রত শুভ ফল৷ গুৰুজনাৰ কথাত বিশেষ গুৰুত্ব দিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫৷

কুম্ভ : সম্পত্তিক লৈ সমস্যা হ’ব পাৰে৷ আনক সহায় কৰিবলৈ যাওঁতে নিজে বিপদত পৰিব৷ সাংসাৰিক দিশত শান্তি বজাই থাকিব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ১৷

মীন : চাকৰিৰ ফালৰ পৰা বিদেশ যাত্রা হ’ব পাৰে৷ বিদ্যার্থীসকলৰ বাবে নতুন যোগ আহিব পাৰে৷ শুভ ৰং মাখন, শুভ সংখ্যা ২৷

Featured