আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ ছেপ্টেম্বৰ, ভাদ মাহৰ ২২ তাৰিখ
দেওবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : স্বাতী, যাত্রা : শুভ

মেষ : পিছবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব পাৰে৷ প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে চলক৷ শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷

বৃষ : উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে৷ কর্মতো মন চঞ্চল হ’ব পাৰে৷ কোনো খবৰত বৰ সুখী নহ’ব৷ আর্থিকতো চিন্তা৷ প্রেমত শুভ৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ৫৷

মিথুন : আর্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিব৷ আনহাতে বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল৷ বিদ্যাত চিন্তা কম যদিও ব্যস্ততা থাকিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৪৷

কর্কট : কার্যকৰী সংযোগত অনুকূল৷ আর্থিকতো আশাপ্রদ৷ পঢ়াত মধ্যম৷ হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নকৰিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷

সিংহ : অধীৰ আগ্রহেৰে কোনো অনিশ্চিত কামৰ বাবে চেষ্টা নকৰি গতানুগতিক বিভিন্ন কামত মন দিয়াটো ভাল৷ আবেলি কিছু উন্নত৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷

কন্যা : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ২৷

তুলা : কর্মতৎপৰতা বৃদ্ধি পাব৷ তাৰ পৰা নতুন কর্মচাৰী প্রশংসিত হ’ব৷ আর্থিকত খুব বেয়া নহ’ব৷ দাম্পত্যত মধ্যম৷ বিদ্যাত উন্নতি৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷

বৃশ্চিক : পিতৃ–মাতৃৰ বাবে সামান্য চিন্তা৷ দাম্পত্যত কিছু চিন্তা থাকিব৷ অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব৷ আর্থিক দিশত শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৯৷

ধনু : ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ-অশান্তি দেখা যায়৷ দাম্পত্যত তেনে আভাস আছে৷ শৰীৰ মধ্যম৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৪৷

মকৰ : মনটো বিভিন্ন চিন্তাই আগুৰি থাকিব৷ কর্মক্ষেত্রত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে৷ ঘৰুৱা কথাত সামান্য উদাসীনতা৷ ভ্রমণত কষ্ট৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৮৷

কুম্ভ : নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ সুকুমাৰ কলা শিল্পত অনুকূল৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷

মীন : কিছু সন্দেহ আৰু কষ্টেৰে কামত আগবাঢ়িলে খুব আহুকালত পৰিব নালাগিব৷ শৰীৰ মধ্যম৷ মূল কথাত মন দিয়ক, কিছু হ’লেও কৃতকার্য হ’বই৷ ভ্রমণৰ সম্ভাৱনা আছে৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৫৷

Featured