আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৬ তাৰিখ
বৃহস্পতিবাৰ : তিথি–শুক্লা নৱমী, নক্ষত্র : মূলা, যাত্রা : নাই

মেষ : ঘৰুৱাত কিছু ভালেই দেখা যায়৷ দুই–এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে৷ কর্মক্ষেত্রত মানসিক অশান্তিৰ কাৰকতা৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷

বৃষ : পৰাপক্ষত স্পর্শকাতৰ কথা এৰাই চলক৷ আর্থিক দিশত আয়ৰ মাত্র বৃদ্ধি পাব৷ বিয়া–বাৰুৰ যোগাযোগত শুভ৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ২৷

মিথুন : পুৱা ১০ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব৷ মাতা–পিতাৰ কাৰণে দিনটো শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৬৷

কর্কট : বন্ধুৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব৷ বাহ্যিক কর্মত মন দিব লগা হোৱাত মূল কর্মত কিছু অৱহেলিত হ’ব পাৰে৷ দাম্পত্যত মতবিৰোধ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

সিংহ : দিনটোত বিশেষ সাৱধানেৰে চলা ভাল৷ বিদ্যার্থীসকলে অধ্যয়নৰ ক্ষেত্রত চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷

কন্যা : কর্মক্ষেত্রত জটিলতা কিছু হ্রাস পাব৷ হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰোঁ বুলিও অলপ বাধাপ্রাপ্ত হ’ব৷ দাম্পত্যত মধ্যম৷ ৰাজনীতিবিদসকলে বিশেষ সতর্ক হওক৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

তুলা : প্রায়বোৰ কথাতে মন নিদিয়াই ভাল৷ দিনৰ শেষ ভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৬৷

বৃশ্চিক : কর্মক্ষমসকলে অসুবিধাৰ মজেৰে অগ্রগতি লভিব৷ মানসিক অৱস্থা মধ্যম৷ আশা কৰা মতে কোনো যোগাযোগত উপকৃত হ’ব পাৰে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷

ধনু : খৰচ–পাতি ৰোধ কৰাৰ যত্ন কৰক৷ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ প্রেমত বাধা৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৩৷

মকৰ : ক্রমে দিনটো উন্নত অনুভৱ কৰিব৷ কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ চুটি ভ্রমণ হ’ব পাৰে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

কুম্ভ : পুৱাৰ ভাগতকৈ আবেলিৰ ভাগত উন্নত ফল লাভ কৰিব৷ কর্মস্থানত ভালেই দেখা যাব৷ বিদ্যাত কিছু আশাপ্রদ৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৭৷

মীন : কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব৷ বেংক কর্মীসকলে নিজৰ দক্ষতা দেখুৱাব পাৰিব৷ হাতলৈ ধন অহাৰ যোগ আছে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৩৷

Featured