আজিৰ দিনটোৰ ৰাশিফল

আজি ২৫ ছেপ্টেম্বৰ, আহিন মাহৰ ৮ তাৰিখ
বুধবাৰ : তিথি–কৃষ্ণা অষ্টমী, নক্ষত্র : আর্দ্রা, যাত্রা : নাই

মেষ : কর্মক্ষেত্রত সাফল্য আহিব৷ দিনটোত নিকটাত্মীয়ৰ দ্বাৰা মানসিক আঘাত পাব পাৰে৷ সামাজিক কামত সন্মান প্রাপ্তিৰ যোগ৷ দিনটোত পুৰণি বন্ধুক লগ পাব পাৰে৷ মঙলৰ অশুভ প্রভাৱৰ ফলত ৰক্তপাতৰ যোগ, গতিকে দিনটোত সাৱধানতা অৱলম্বন কৰিব৷ দাম্পত্যত অশান্তি৷ বিদ্যার্থীৰ শুভ ফলদায়ক৷ শুভ ৰং বগা৷

বৃষ : সামাজিক কামত সাফল্য আহিব৷ প্রয়োজনত বন্ধুৰ সহায়–সহযোগ লাভ কৰিব৷ নিজৰ দোষত জটিল সমস্যাত পৰিব পাৰে৷ সন্তানৰ কর্মৰ প্রাপ্তিৰ ফলত পিতৃ–মাতৃৰ মানসিক আনন্দ লাভ৷ দিনটোত নতুন ব্যৱসায়ৰ আৰম্ভণি কৰিব পাৰে৷ আর্থিক ক্ষেত্রত মধ্যম ফল৷ প্রেমত সাফল্য আহিব৷ শুভ ৰং ৰঙা৷

মিথুন : কর্মক্ষেত্রত অপ্রত্যাশিতভাৱে জটিলতাই দেখা দিব পাৰে৷ দিনটোত শত্রুৱে ক্ষতিৰ চেষ্টা কৰিব৷ গতিকে শত্রুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব৷ দিনটোত বিবাদৰ নিষ্পত্তি আশা কৰিব পাৰে৷ দিনটোত আনৰ উপকাৰ কৰিও নাম নাপাব৷ বিদ্যার্থীৰ বাধা থাকিব৷ দাম্পত্যত শান্তি থাকিব৷ শুভ ৰং হালধীয়া৷

কর্কট : কর্মক্ষেত্রত লাগি থকা সমস্যাবোৰ সমাধানৰ আশা কৰিব পাৰে৷ চাকৰিৰ ক্ষেত্রত সুনাম বৃদ্ধিৰ যোগ৷ মানসিক আঘাত পাব পাৰে৷ ভ্রমণত বিঘিনি ঘটিব পাৰে, গতিকে আজি ভ্রমণ নকৰাই ভাল হ’ব৷ উচ্চ বিদ্যা লাভৰ বাবে বিদ্যার্থীৰ বাহিৰলৈ যোৱাৰ যোগ৷ প্রেমত সাফল্য আহিব৷ শুভ ৰং সেউজীয়া৷

সিংহ : পৰিকল্পিত অগ্রসৰৰ ক্ষেত্রত বাধা আহিব পাৰে৷ আর্থিক ক্ষেত্রত শুভ যদিও ধন সঞ্চয়ৰ সম্ভাৱনা কম৷ ব্যৱসায়ত পৰিধি বিস্তাৰৰ যোগ৷ ওচৰ–চুবুৰীয়াৰ লগত কিবা বিষয়ক লৈ মতবিৰোধ হ’ব পাৰে৷ নিবনুৱাৰ কর্ম লাভৰ যোগ৷ উচ্চ বিদ্যার্থীৰ অপ্রত্যাশিতভাৱে বাধা আহিব পাৰে৷ শুভ ৰং ৰঙা৷

কন্যা : দৈনন্দিন কর্মত সাফল্য আহিব৷ কাজিয়া–পেচাল নিষ্পত্তিৰ আশা কৰিব পাৰে৷ সন্তানৰ দ্বাৰা পিতৃ–মাতৃৰ সন্মান বৃদ্ধিৰ যোগ৷ জুইৰ পৰা দিনটোত সতর্কতা অৱলম্বন কৰিব৷ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে শৰীৰৰ প্রতি লক্ষ্য ৰাখিব৷ দাম্পত্যত শান্তি বজাই থাকিব৷ প্রেমত মধ্যম ফল৷ শুভ ৰং কমলা৷

তুলা : কর্মক্ষেত্রত জটিলতা বৃদ্ধি পাব৷ দিনটোত শুভ সংবাদ প্রাপ্তিৰ যোগ আছে৷ ব্যৱসায়ত অপ্রত্যাশিতভাৱে জটিলতাই দেখা দিব পাৰে৷ প্রাপ্য ধন প্রাপ্তিৰ ক্ষেত্রত অযথা বাধা৷ অর্থনৈতিক দিশত শুভ যদিও অযথা ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ প্রেমত শুভ ফল৷ আজি ভ্রমণ নকৰিব৷ শুভ ৰং নীলা৷

বৃশ্চিক : কর্মক্ষেত্রত মানসিক চাপ থাকিব৷ সন্তানে পিতৃ–মাতৃৰ মনত আনন্দ দিব৷ আর্থিক উন্নতিৰ বাবে ভাল কিবা সুযোগ আহিব পাৰে৷ অসম্পূর্ণ কাম সমাপ্ত কৰি মনত আনন্দ অনুভৱ কৰিব৷ আত্মীয়ৰ দ্বাৰা প্রতাৰিত হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল৷ বিদ্যার্থীয়ে আৰু অধিক পৰিশ্রম কৰিব লাগিব৷ শুভ ৰং হালধীয়া৷

ধনু : সামাজিক কামত আত্মমর্যাদা বৃদ্ধিৰ যোগ৷ মনৰ আশা পূৰণ হ’ব পাৰে৷ সন্তানৰ বিদ্যা-শিক্ষাক লৈ পিতৃ–মাতৃৰ চিন্তা থাকিব৷ নতুন যোগাযোগৰ ক্ষেত্রত সাফল্য আহিব৷ জুইৰ পৰা দিনটোত সতর্কতা অৱলম্বন কৰিব৷ আকস্মিক ধন প্রাপ্তিৰ যোগ৷ প্রেমত কাজিয়া–পেচাল বৃদ্ধি পাব৷

মকৰ : কর্মক্ষেত্রত সহকর্মীৰ লগত সম্পর্ক ভাল ৰখাৰ চেষ্টা কৰিব৷ অযথা কাৰোবাৰ লগত বিবাদত জড়িত হ’ব পাৰে৷ বিশেষ কামত সাফল্য আহিব৷ এই ৰাশিৰ ঠিকাদাৰসকলে নতুন কর্মৰ সন্ধান পাব পাৰে৷ ব্যৱসায়–বাণিজ্যত উন্নতিৰ যোগ৷ বিদ্যার্থীৰ মধ্যম ফল৷ প্রেমত সাফল্য আহিব৷ শুভ ৰং নীলা৷

কুম্ভ : দৈনন্দিন কর্মত সাফল্য আহিব৷ ঘৰুৱা শান্তি বিঘিনি হ’ব পাৰে৷ সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব৷ আর্থিক ক্ষেত্রত শুভ যদিও ব্যয়ৰ পৰিমাণো বৃদ্ধি পাব৷ লোহাৰ দ্বাৰা শৰীৰত আঘাত প্রাপ্তিৰ যোগ, গতিকে চলা–ফুৰাৰ ক্ষেত্রত সতর্ক থাকিব৷ চুটি ভ্রমণ হ’ব পাৰে৷ বিদ্যার্থীৰ সাফল্য৷ শুভ ৰং হালধীয়া৷

মীন : কর্মক্ষেত্রত কামৰ চাপ বৃদ্ধি পাব পাৰে৷ বিবাদত জয়ী হোৱাৰ সম্ভাৱনা আছে৷ দিনটোত নতুনকৈ চিন্তা–ধাৰণা কৰিব পাৰে৷ বিনা কাৰণত সন্মান হানিৰ যোগ৷ প্রেমত সাফল্য আহিব৷ সৰু–সুৰা বিষয়ক লৈ দাম্পত্যত অশান্তিৰ সূত্রপাত ঘটিব পাৰে৷ আর্থিক ক্ষেত্রত মধ্যম ফল৷ আজি ভ্রমণ নকৰিব৷ শুভ ৰং ক’লা৷

Featured