আজিৰে পৰা টোল টেক্স ৩–৫ শতাংশলৈ পাব বৃদ্ধি

🔹 লোকসভা নির্বাচনৰ ফলাফলৰ পূর্বে এনএইচএআইৰ সিদ্ধান্ত

বিশেষ বাৰ্তা, ৩ জুন : চলিত লোকসভা নির্বাচনৰ ফলাফল ঘোষণালৈ মাজত মাথোঁ কেইটামান ঘণ্টা বাকী থকাৰ সময়তে পুনৰ বৃদ্ধি কৰা হ’ল টোলকৰ৷ দেশজুৰি সোমবাৰৰ পৰা টোলকৰ ৩–৫ শতাংশ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ দেশৰ ভিন্ন প্রান্তত থকা ১,১০০ টোলপ্লাজাৰ ক্ষেত্রত এই বর্ধিত কৰ প্রযোজ্য হ’ব৷ ইয়াৰ লগে লগে অত্যাৱশ্যকীয়, নিত্য–ব্যৱহার্য সামগ্রীৰ দাম বৃদ্ধিয়ে মাধমাৰ শোধোৱা অসমৰ জনসাধাৰণে আন এক বোজা বহন কৰিব লাগিব৷ কিয়নো টোলকৰ বৃদ্ধিৰ লগে লগে সামগ্রী পৰিবহণ ব্যয় বঢ়াটো নিশ্চিত৷ উল্লেখ্য যে প্রতিবছৰে টোলকৰ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি দাম বৃদ্ধি কৰা হয়৷ কিন্তু লোকসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি এই বার্ষিক টোলকৰ বৃদ্ধি স্থগিত ৰখা  হৈছিল৷ নির্বাচনী প্রক্রিয়া প্রায় সম্পূর্ণ হোৱাৰ লগে লগে এই বৃদ্ধি পুনৰ কার্যকৰী কৰিবলৈ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে সিদ্ধান্ত গ্রহণ কৰে৷ প্রাধিকৰণৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, দিল্লী–মিৰাট এক্সপ্রেছ ৱে’ আৰু ইষ্টার্ন পেৰিফেৰেল এক্সপ্রেছ ৱে’কে ধৰি সকলো টোলপ্লাজাৰ কৰ বৃদ্ধি কৰা হ’ব৷ লক্ষণীয় যে অসমত বর্তমান ১৪খন টোলগেট আছে৷ বালাচেৰা, ডবকা, ডাহালপাৰা, গালিয়া, গংগাধৰ দলং, কলীয়াভোমোৰা দলং, মদনপুৰ, মান্দেৰদিছা, মিকিৰতি হাওগাঁও, নাজিৰাখাট, পাটগাঁও আৰু ৰহাত টোলগেট স্থাপন কৰা হৈছে৷ এই টোলগেটসমূহ স্থাপন কৰাক লৈ সময়ে সময়ে ৰাজ্যত ব্যাপক প্রতিক্রিয়াৰো সৃষ্টি হৈ আহিছে৷ বিভিন্ন দল–সংগঠনে অসমৰ দৰে ৰাজ্যত টোলপ্লাজা স্থাপনৰ বিৰোধিতা কৰি প্রতিবাদো সাব্যস্ত কৰিছে৷ তৎসত্ত্বেও এখন–দুখনকৈ ৰাজ্যৰ ভিন্ন প্রান্তত ১৪খন টোলগেট স্থাপন কৰা হ’ল৷ যাৰ পৰিপ্রেক্ষিতত অত্যাৱশ্যকীয় সামগ্রীসমূহৰ দাম বৃদ্ধিৰ লগতে গাড়ীৰ ভাৰা কেইবাগুণো বৃদ্ধি পাইছে৷ আলু–পিঁয়াজৰ পৰা আৰম্ভ কৰি জীৱনদায়িনী ঔষধলৈকে প্রায় সকলো সামগ্রীৰে দাম বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰি তোলাৰ সময়তে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে টোলকৰ বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তই ব্যাপক প্রতিক্রিয়াৰো সৃষ্টি কৰিছে৷ বিশেষকৈ এগ্জিট প’লত পুনৰ দিল্লীৰ মছনদ বিজেপি নেতৃত্বাধীন এনডিএই দখল কৰিব বুলি প্রকাশ কৰাৰ এদিন পাছতে হঠাৎ টোলকৰ বৃদ্ধি কৰাক লৈও চর্চা আৰম্ভ হৈছে৷

Featured