বিশ্ব খনিকৰৰ পূজাৰ প্ৰাকমুহূৰ্তত ধুবুৰীত তুমুল ব্যস্ততা খনিকৰৰ

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ কাইলৈ বিশ্বখনিকৰ, বিশ্বকৰ্মা পূজাৰ প্ৰাকমূহুৰ্তত বৰ্তমানে আহৰি নাই ধুবুৰীৰ মৃৎ শিল্পীসকলৰ। তেওঁলোক এতিয়া তুমুল ব্যস্ত বিশ্বকৰ্মাৰ ম়ন্ময় মূৰ্তিত অন্তিম পৰশ দিবলৈ। “আজি সন্ধিয়াৰ ভিতৰতেই স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিগত ভাবে নিজৰ নুজৰ গৃহত বিশ্বকৰ্মা পূজা কৰা সকলে প্ৰতিমাবোৰ নিব। এতিয়া মূৰ্তিবোৰৰ সাজ-সজ্জা, আ-অলংকাৰ পিন্ধোৱাৰ কাম চলি আছে।” এইদৰেই ব্যস্ততাৰ মাজতেই জনায় ধুবুৰীৰ এগৰাকী খনিকৰে। অৱশ্যে নিৰ্মাণ সামগ্ৰীৰ উৰ্ধগামী দাম আৰু নিৰ্মাণ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সমান্তৰালকৈ প্ৰতিমা এটাৰ মূল্য সেই অনুপাতে নবঢ়াৰ বাবে কিছু হতাশাও আছে স্থানীয় একাংশ খনিকৰৰ। উল্লেখ্য যে, প্ৰতিমা এটা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কাঠ, বাঁহ, মাটি স্থানীয় ভাবেই উপলব্ধ যদিও ৰঙ আৰু অংগ সজ্জাৰ সামগ্রী আদিকে ধৰি প্ৰতিমা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় আনুসংগিক কিছু সামগ্ৰী আনিব লাগে চুবুৰীয়া পশ্চিমবংগৰ কোচবিহাৰ, শিলিগুড়ি অথৱা ক’লকাতাৰ পৰা৷ উল্লেখ্য যে, ধুবুৰী চহৰৰ মুঠ ৪টা প্ৰতিমা নিৰ্মাণৰ কাৰখানাত এইবেলি নিৰ্মাণ কৰা হৈছে বিভিন্ন আকাৰ, ভংগীমা আৰু ভিন্ন ভিন্ন সাজসজ্জাৰ প্ৰায় চাৰিশ প্ৰতিমা। “আমাৰ কাৰখানাত নূন্যতম ১০ হাজাৰৰ পৰা ৫০/৬০ হাজাৰ টকাৰ বিশ্বকৰ্মাৰ প্ৰতিমা আছে।” ধুবুৰী চহৰৰ কলেজ ৰোডৰ ঐতিহ্যবাহী প্ৰতিমা নিৰ্মাণৰ কাৰখানা এটাৰ এগৰাকী খনিকৰৰ ল’গতে আক্ষেপ, “নিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমানুপাতিক ভাবে কিন্তু মূৰ্তিৰ দাম সিমান বৃদ্ধি পোৱা নাই।” ইয়াতে, উল্লেখনীয় এয়াও যে, ধুবুৰীৰ ম়ন্ময় মূৰ্তিৰ নিৰ্মাণ তথা বিশেয এই কলাবিধৰ আছে নিজস্ব এক দীৰ্ঘ, গৌৰৱময় ইতিহাস। চহৰখনৰ মূৰ্তি নিৰ্মাণৰ কাৰখানা কেইটাৰ সৈতে জড়িত হৈ থকা সকলো পুৰুষানুক্ৰমে নিৰ্মাণ কৰি আহিছে বিশ্বকৰ্মা, দূৰ্গা, কালী প্ৰতিমাকে ধৰি বহু দেব-দেবীৰ প্ৰতিমা। কিন্তু, সময় বাগৰাৰ ল’গে ল’গে ক্ষেত্ৰখনতস থকা প্ৰচণ্ড আৰ্থিক অনিশ্চিয়তাৰ বাবে ন’প্ৰজন্মই তেওঁলোকৰ এই পেচাৰ সৈতে জড়িত হোৱাটো নিবিচাৰে ধুবুৰীৰ বহু খনিকৰেই। তাৰেই প্ৰেক্ষাপটত, নিৰ্মাণৰ সৈতে জড়িত খনিকৰসকলৰ সেই কলাক জীয়াই ৰখাৰ স্বাৰ্থত চৰকাৰী পৃষ্ঠপোষকতাৰ প্ৰয়োজনীয়তা থকা বুলিয়েই কিন্তু মতপোষণ কৰা পোৱা গৈছে ভূৰখা বহুতেই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured