হোজাইত ট্ৰেক্টৰৰ খুন্দাত এজনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ৮ জুন : হোজাইত হিট এণ্ড ৰানৰ ঘটনাত এজন নিহত হয় । আজি হোজাইৰ শিঙাৰী বস্তিত সংঘটিত হোৱা এই ঘটনাত নিমিষতে প্ৰাণ যায় এজন লোকৰ । AS-02 DC-0763 নামৰ ট্ৰেক্টৰ এখনে সংঘটিত কৰে এই ঘটনা । নিহত লোকজনৰ নাম বিজয় সিংহ । হোজাই উদয়পুৰৰ নিৱাসী লোকজনক মহটিয়াই পলায়ন কৰে ট্ৰেক্টৰৰ উদণ্ড চালকজনে। পিছত হোজাই আৰক্ষীয়ে জব্দ কৰে ট্ৰেক্টৰখন। নিহত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে পৰিয়ালক গতাই দিয়ে আৰু পৰিয়ালৰ লোকে শেষকৃত্য সম্পন্ন কৰে ।

প্ৰেৰক কিশলয় ডি গোস্বামী

Featured