শোকাৱহ : বজ্ৰপাতত নিহত মাতৃ-কন্যা

🔹 কলগাছিয়াৰ সাওৰাচৰাত শোকৰ ছাঁ, আহত এজন

নিয়মীয়া বাৰ্তা, ৫ মে’ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সাওৰাচৰা ৰিজাৰ্ভ গাঁৱত দেওবাৰে বজ্ৰ পৰি এটা পৰিয়ালৰ দুই মাতৃ-কন্যাৰ মৃত্যু হোৱাত অঞ্চলব্যাপী শোকৰ ছাঁ পৰে। জানিব পৰা মতে, গোহালিত গৰু বান্ধি থকা অৱস্থাত বজ্ৰ পৰাত মৃত্যু হয় মমিৰণ নেছা আৰু জ্যোৎস্না খাতুনৰ। আনহাতে, বজ্ৰপাতত গুৰুতৰভাৱে আহত হয় জ্যোৎস্না খাতুনৰ ১১ বছৰীয়া পুত্ৰ। তিনিওকে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও মমিৰণ নেছা আৰু জ্যোৎস্না খাতুনৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলব্যাপী শোকৰ ছাঁ বিৰাজ কৰিছে। আবেলি প্ৰায় তিনি বজাত এজাক বৰষুণৰ লগতে বজ্ৰ পৰাত দুই মাতৃ-কন্যাৰ কৰুণ মৃত্যু হয়। পশুধনৰ কোনো ক্ষতি নহয় যদিও মাতৃ-কন্যাৰ গোহালি ঘৰতে মৃত্যু হয়।

প্ৰেৰক মফিদুল ইছলাম

Featured