জোনাইৰ ৰাষ্ট্ৰীয় ঘাইপথত চিলিণ্ডাৰভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ: জোনাইৰ ডেকাপামস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা ৫.০০ বজাত এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ ভয়ংকৰ পথ দুৰ্ঘটনা।

গুৱাহাটীৰ পৰা পাচীঘাট অভিমুখে গৈ থকা AS01 LC-7411 নম্বৰৰ চিলিণ্ডাৰ ভৰ্তি গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে।

দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও দুৰ্ঘটনা সংঘটিত কৰি গাড়ীখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে।

Featured