পশ্চিম কাৰ্বি আংলঙত পথৰ শিলান্যাস তুলিৰাম ৰংহাঙৰ

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নেলী-উম্পেনাইৰ পৰা বিৰছিংকী ৰংজাংফং আমটেৰেঙলৈ নতুনকৈ নিৰ্মাণ হ’বলগীয়া পকীপথৰ আধাৰশিলা স্থাপন কৰে। ২০২২ বৰ্ষৰ কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদীয় নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিয়া ৰাজহুৱা প্ৰতিশ্ৰুতি অনুসৰি উক্ত পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ উদ্দেশ্যে আধাৰশিলা কাৰ্যসূচী ৰূপায়ন কৰা হয়। উল্লেখযোগ্য যে ৬৯.৬০ কোটি টকাৰ বাজেট ধাৰ্য্য কৰি নিৰ্মাণ হ’বলগীয়া অভিলাষী প্ৰকল্পটোৰ লক্ষ্য হৈছে ৩২.৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ উন্নীতকৰণ, যাৰ প্ৰস্তাৱিত পথৰ প্ৰস্থ ৭.৫ মিটাৰ। ফুটপাথৰ ডাঠতা ৩৯০ মিলিমিটাৰ হ’ব হোৱাৰ ফলত দীৰ্ঘস্থায়ী পথৰ আন্তঃগাঁথনি নিশ্চিত হ’ব। উক্ত আধাৰশিলা কাৰ্যসূচী সম্পন্ন কৰাৰ পিছত এখনি ৰাজহুৱা সভাত অংশগ্ৰহন কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি পশ্চিম কাৰ্বি আংলঙৰ ৰাইজে উল্লেখিত পথটো পকীকৰণ আঁচনি লাভ কৰিছে। চৰকাৰৰ এনে অভিলাসী আ‍ঁচনিয়ে কাৰ্বি আংলঙৰ প্ৰগতিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ, অঞ্চলটোৰ সংযোগ আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰৰ এক নিষ্ঠা প্ৰদৰ্শন। এই প্ৰকল্পটোৱে অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিব, পৰিবহণ ব্যৱস্থা উন্নত কৰি স্থানীয় জনগোষ্ঠীসমূহক উপকৃত কৰিব বুলি ভাষণত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে উল্লেখ কৰে। আনহাতে উক্ত পকী পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে সহযোগিতামূলক প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰিবলৈ তেওঁ সকলোকে একত্ৰিতভাৱে কাম কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে এই পদক্ষেপৰ জৰিয়তে চৰকাৰে কাৰ্বি আংলঙৰ উন্নয়ন আৰু জনসাধাৰণৰ জীৱন উন্নত কৰাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছে। প্ৰকল্পটোৰ সম্পূৰ্ণতা সামূহিক প্ৰচেষ্টা আৰু দৃঢ়তাৰ শক্তিৰ প্ৰমাণ হ’ব বুলি ভাষণত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উল্লেখ কৰে।

প্ৰেৰক হেমন্ত কুমাৰ নাথ