তুৰস্কৰ ‘উলাছ ফেমিলী’ : দুহাত-দুভৰিত ভৰ দি কাঢ়ে খোজ

বিশেষ বাৰ্তা, ৩১ আগষ্টঃ বিৱর্তনৰ নিয়ম মানি চাৰি ঠেঙেৰে খোজকঢ়া আদিম যুগৰ মানৱৰ পৰা নিয়ানডাৰথালৰ উদ্ধৱ হৈছিল৷ তাৰ আৰু হাজাৰ কোটি বছৰ পিছত দুখন ভৰিত থিয় দি খোজকঢ়া মানুহলৈ ইয়াৰ বিৱর্তন ঘটে৷ বর্তমান বান্দৰ, চিম্পাঞ্জী আদিয়ে চাৰি ঠেঙৰ ওপৰত নির্ভৰ কৰি খোজকাঢ়ে৷ কিন্তু বিজ্ঞানীসকলে উল্লেখ কৰিছে যে তুৰস্কত এনে এটা পৰিয়াল আছে, যিটো পৰিয়ালৰ সকলো সদস্যই বিৱর্তনবাদৰ সূত্র নামানি ২ ভৰি আৰু দুই হাতত ভৰ দি খোজকাঢ়ে৷ ভালুকৰ দৰে চলাফিৰা কৰে পৰিয়ালটোৰ ছয় সদস্যই৷ ২০০৬ চনত বি বি চিয়ে নির্মাণ কৰা তথ্যচিত্র ‘উলাছ ফেমিলী’ত এই তথ্য পোহৰলৈ অনা হয়৷ লণ্ডন স্কুল অৱ ইক’নমিক্সৰ বিৱর্তন বিষয়ক বিশেষজ্ঞ নিকোলাছ হামফ্রেই প্রথম লক্ষ্য কৰে যে উলাছ পৰিয়ালত জন্ম হোৱা ১৮ শিশুৰ ৬টা শিশুৰ জন্মগত ত্রুটিৰ ফলত এই অভ্যাস গঢ়ি উঠিছে৷ এই বিষয়টোক লৈ পুনৰ সৃষ্টি হৈছে চর্চা৷

Featured