ন ন অঞ্চললৈ বাগৰিছে পানী, বহু বিদ্যালয় পানীৰ তলত : আশ্ৰয় শিবিৰত বিশ হাজাৰ লোক

নিয়মীয়া বার্তা, ১৬ মে :- উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ কাবি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধৰ ছুইচ গেটৰ খুলি দিয়াত হোজাইৰ মাজেৰে বৈ যোৱা কপিলীৰ জলপৃষ্ঠ বৃদ্ধি পাই ন ন অঞ্চল প্লাবিত কৰিছে । হোজাইৰ লংকা, হোজাই আৰু ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ লস্কৰ পথাৰ, দক্ষিণ লস্কৰ পথাৰ, মাণ্ডুলি,কাৰিখানা ঠাইছুপ আলি, ৰাইকটা, ইছলামপুৰ, কছাৰী গাঁও,চন্দন পূৰ,দক্ষিণ কোমোৰাকটা, উত্তৰ কোমোৰাকটা, ঠেপ্লাগুৰি, নভঙা, হাতীমৰা, জাতিওৰা, দক্ষিণ কেন্দুগুৰি, কেন্দুগুৰি, বাৰ ফুটি, নমাটি, মইনাপথৰ, ৰাজবৰী, ৰাধানগৰ, যোগিজান, পূব বগৰী, পশ্চিম বগৰী, চাৰলক, ভেদৌআতি, বিন্নাকান্দি, বালিৰাম পথাৰ, পতিয়া পাম, যমুনামুখ, পাতিদৈয়া, নগয়াপাম,চাংমাজি, নাম ডবকা আদিৰ ৭৮ হাজাৰ লোক আক্রান্ত হয়। হোজাই জিলাৰ হোজাই আৰু লংকাত মুঠ ৩৩ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হয় । ইয়াৰে হোজাই ৰাজহ চক্ৰত ৩১টা আৰু লংকাত দুটা আশ্ৰয় শিবিৰ স্থাপন কৰি প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয় বুলি জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে প্ৰকাশ কৰে । এই শিবিৰত প্ৰায় বিশ হাজাৰ লোকে আশ্ৰয় গ্ৰহণ কৰে । এই বান পিড়িতৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰা কাৰ্য হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে নিজে পর্যব্যক্ষণ কৰে ।ইপিনে বছৰৰ প্ৰথমটো বানত কপিলীৰ লগতে ইয়াৰ উপনৈ ক্ৰমে যোগী আৰু নিষাৰীৰ জলস্তৰ বৃদ্ধি পাই বহু অঞ্চল প্লাবিত কৰাৰ লগতে কেইবাটাও মথাউৰীৰ চিঙাৰ লগতে হোজাই-পশ্চিম কাৰ্বিআংলং জিলাৰ সংযোগী বহুকেইটা পথৰ বিস্তৰ ক্ষতি কৰাত বহু কেইটা অঞ্চলৰ যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰে ।ইতিমধ্যে কপিলী জল বিদ্যুৎ প্ৰকল্পৰ গেট বন্ধ কৰা বুলি জনা গৈছে যদিও পাহাৰীয়া জিলা খনত ক্ৰমশঃ হৈ থকা বৰষুণৰ বাবে যি কোনো মুহূৰ্ত্বত পুনৰ গেট খুলি দিয়াৰ আশংকা প্ৰকট হৈ পৰিছে । এই বানৰ ফলত জিলাখনৰ ৯৭ খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে ৯০ খন হোজাই আৰু লংকা শিক্ষা খণ্ডৰ সাতখন বিদ্যালয় বুলি চৰকাৰী তথ্যত প্ৰকাশ । এই বানৰ ফলত অহা সপ্তাহত জিলাখনত হব লগা গুণোতসবৰ বাবে বিদ্যালয় সমূহ সজাই পৰাই তুলিছিল যদিও পানীয়ে এই বিদ্যালয় সমূহৰ বিস্তাৰ ক্ষতি কৰে ফলত চৰকাৰী এই কাৰ্যসূচীত নিঃস্বয়তা আহি পৰিছে। এই বিদ্যালয় সমূহৰ বহু ছাত্ৰ ছাত্ৰী বানৰ কবলত পৰাৰ বাবে বিদ্যালয়ৰ মান নিৰ্ণয় কৰা এই অনুষ্ঠান বাতিল কৰাৰ লগতে বিভিন্ন দল সংগঠনে সমাগত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰাৰ দাবী জনাইছে।প্ৰেৰক : কিশলয় ডি গোস্বামী